ৰাণীত জনজাতি শিপিনী মহিলাৰ তাঁতশালৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ

rani

পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই সমষ্টিটোৰ শিপিনীসকলৰ তাঁতশালৰ দক্ষতা বৃদ্ধিৰে তেওঁলোকক আর্থিকভাৱে স্বাৱলম্বী কৰাৰ বাবে শেহতীয়াকৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰে অংশ হিচাপে সমষ্টিৰ অনুসূচীত জনজাতি মহিলা সকলৰ তাঁতশালত নতুন আৰ্হি , উন্নত কাৰিকৰী কৌশল আদিৰ দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে অসম – মেঘালয় সীমান্তৰ ৰাণীৰ বাহুপাৰাত আভা ফাউণ্ডেশ্যন আৰু গুৱাহাটীৰ ভাৰতীয় উদ্যমীতা প্ৰতিষ্ঠান চমুকৈ আই আই ইৰ যৌথ উদ্যোগত তিনিমহীয়া দক্ষতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা হৈছে।

শিবিৰত নিৰ্বাচিত ২৬ গৰাকী শিপিনীক উন্নত মানৰ ‘জাকাৰ্ট ‘ তাঁতশালত প্ৰশিক্ষণ দিয়া হ’ব। আনহাতে শিবিৰ মুকলি কৰি বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই প্ৰশিক্ষণ গ্ৰহণ কৰা মহিলা সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি তেওঁলোকে প্ৰশিক্ষণৰ অন্তত একোগৰাকী দক্ষ শিপিনী হিচাপে উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে।

শিবিৰত আই আই ই ৰ মুখ্য প্রকল্প বিষয়া হেমন্ত ৰাভা , আভা ফাউদেশ্যনৰ কাৰ্যবাহী অনু মণ্ডল , ৰাষ্ট্ৰীয় অনুসূচীত জনজাতি বিত্তীয় উন্নয়ন নিগমৰ মাণ্ডলিক প্ৰবন্ধক নিভা বড়োকে ধৰি কে’বাজনো বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে শিপিনীসকলে তাঁতশালত উৎপাদন কৰা কাপোৰসমূহ বিপণনৰ বাবে আই আই ই য়ে ব্যৱস্থা গ্ৰহণ কৰিব । তেনেদৰে আভা ফাউণ্ডেশ্যনে প্ৰশিক্ষণ আৰু এন এছ টি এফ ডি চি য়ে বিত্তীয় সাহায্য আগবঢ়াব।

Exit mobile version