ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ সহিতে পাঁচজন লোকক হাথৰছলৈ যাবলৈ অনুমতি

rahul priyanka 4

PTI03-10-2020_000095A

অৱশেষত উত্তৰ প্ৰদেশৰ হাথৰছত দলবদ্ধ ধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা পীড়িতাৰ ঘৰলৈ যাবলৈ সক্ষম হ’ল কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ৷আৰক্ষীৰ মত অনুসৰি ৰাহুল আৰু প্ৰিয়াংকাৰ সহিতে কেৱল পাঁচজন লোকহে হাথৰছলৈ যাব পাৰিব।

ইয়াৰ পাছতে প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মকৰ্তাক ৰাহুল গান্ধীয়ে কয় যে আৰক্ষীয়ে তেওঁলোকক হাথৰছলৈ যাবলৈ অনুমতি দিছে ।গতিকে আৰক্ষীৰ লগত সহযোগ কৰক। ইপিনে ৰাহুল গান্ধীয়ে হাথৰছলৈ যাবলৈ বাধা প্ৰদান কৰা লোকসকলক গুলাম নবী আজাদ,প্ৰমোদ তিৱাৰীকো অঞ্চলটোলৈ যাবলৈ দিয়াৰ কাৰণে আহ্বান কৰে ৷কিন্তু কংগ্ৰেছৰ কৰ্মকৰ্তাসকলক বাধা প্ৰদান কৰিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰিব লগা হয় ।

আৰক্ষীৰ লাঠিচাৰ্জত কংগ্ৰেছৰ কৰ্মকতাসকল আহত হয় ।দিল্লীৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ অনিল চৌধুৰীয়ে কয় যে আৰক্ষীয়ে প্ৰিয়ংকাৰ ওপৰতো লাঠিচাৰ্জ কৰে ।

Exit mobile version