অভিযুক্তক ন্যায়ৰ দাবীত হাথৰছত অনুষ্ঠিত হ’ ল বৈঠক

WhatsApp Image 2020 10 04 at 3.54.52 PM

আজি হাথৰছত দলবদ্ধ ধৰ্ষণৰ সন্মুখীন হৈ মৃত্যু হোৱা যুৱতীগৰাকীৰ প্ৰসংগত এখন বৈঠক অনুষ্ঠিত হয় ।বৈঠকখনত অনুষ্ঠিত হয় বিজেপি নেতা ৰাজবীৰ সিং পহলৱানৰ বাসগৃহত ৷ বৈঠকত তথাকথিতভাৱে উচ্চ জাতিৰ লোকসকলে এই ঘটনাৰ অভিযুক্তসকলৰ হৈ ন্যায়ৰ দাবী কৰে ৷অৱশ্যে মৃত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকেও এই বৈঠকত অংশ লয়।

হাথৰছত দলবদ্ধ ধৰ্ষণৰ সন্মুখীন হোৱা যুৱতী গৰাকীৰ হত্যাক লৈ সমগ্ৰ দেশত উত্তেজনাই বিৰাজ কৰিছে ৷এই ঘটনাত যিয়ে দোষী তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবীত দেশৰ জনতাই দাবী কৰিছে ৷

বিজেপি নেতা ৰাজবীৰ সিঙে কয় “চি বি আইৰ তদন্তক স্বাগত কৰিবৰ কাৰণে ইয়াত লোকসকল একত্ৰিত হৈছে।”

বৈঠকৰ আয়োজকসকলৰ এজনৰ মতে”আমি বৈঠকৰ বিষয়ে আৰক্ষীক অৱগত কৰিছো ৷অভিযুক্তক কেন্দ্ৰ কৰি লোৱাৰ কাৰণ পীড়িতাৰ পৰিয়ালকো প্ৰাথমিক তদন্ত কৰা হ’ব।

Exit mobile version