বঙাইগাঁও জিলাৰ বিদ্যাপুৰত আক্ৰাছুৰ আঞ্চলিক সভা অনুষ্ঠিত কৰা হয় । সভাত আক্ৰাছুৰ মূখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মন উপস্থিত থাকি কে এচিৰ সন্দৰ্ভত কয় “কোচ ৰাজবংশী স্বায়ত্ব শাসিত পৰিষদক লৈ আমি সন্তুষ্ট নহয় আৰু কে এচি’ক লৈ আমি আনন্দ উল্লাস কৰাৰো কোনো প্ৰয়োজন নাই। কাৰণ কে এচি’ত থকা সুবিধাসমূহ আমাৰ পৰ্যাপ্ত নহয়।” লগতে কয় যে আক্ৰাছুৰ মূল দাবীয়েই হ’ল জনগোষ্ঠীটোৰ জনজাতি কৰণ।
জনজাতিকৰণ নোহোৱা পৰ্যন্ত আক্ৰাছুয়ে আপোচবিহীনভাৱে আন্দোলন কৰি যাব। কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক কমল সৰকাৰে ভাষণত কয় ” চৰকাৰে বছৰৰ পিছত বছৰ ধৰি কেৱল প্ৰতাৰণাই কৰি আহিছে কোচ ৰাজবংশীসকলক। গতিকে এতিয়া আমি আৰু শুই থাকিলে নহ’ব। জাগিবই লাগিব।”কেন্দ্ৰীয় সমিতিৰ সভাপতি কৰ্মেশ্বৰ ৰায়ে তেওঁৰ বক্তব্যত কয় যে এই সংগ্ৰাম সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগ্ৰাম।
কেৱল আক্ৰাছুৰ আন্দোলন বা সংগ্ৰাম নহয়। সেয়ে সকলো কোচ ৰাজবংশী ৰাইজক ওলাই আহিবলৈ আহ্বান জনায় আক্ৰাছুৰ সভাপতি জনে। আজি দিনৰ ১১ বজাত বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত বিদ্যাপুৰ অঞ্চলৰ বিশিষ্ট ব্যক্তি কৃষ্ণ চৌধুৰীৰ সভাপতিত্বত বিদ্যাপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়।
উক্ত সভাত বিদ্যাপুৰ অঞ্চলৰ বিশিষ্ট ব্যক্তি, বিদ্যাপুৰ ৰাজা অভয় নাৰায়ণ দেৱ এম ই স্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক বনমালী বৰ্মন, আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মন, আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৰ্মেশ্বৰ ৰায়, মূখ্য সাংগঠনিক সম্পাদক কমল সৰকাৰ প্ৰমূখ্য বিষয় ববীয়া সকল আৰু চিলাৰায় সেনাৰ উপ সেনাধ্যক্ষ দ্বীপজ্যোতি ৰায় চৌধুৰী উপস্থিত থাকে।
বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি পাঠক আৰু সম্পাদক বিকাশ বৰ্মন প্ৰমূখ্যে বিষয় ববীয়া সকলৰ লগতে বঙাইগাঁও জিলা আক্ৰাছুৰ মহিলা সমিতিৰ বিষয় ববীয়া সকল উপস্থিত থাকে ৷আজিৰ সভাতেই বিদ্যাপুৰ আঞ্চলিক মহিলা সমিতিখন নিৰ্মালী চৌধুৰীক সভানেত্ৰী আৰু নমিতা বৰ্মন আৰু চম্পা ৰায়ক যুটীয়া সম্পাদিকা হিচাপে লৈ মুঠ ৫১ জনীয়া বিদ্যাপুৰ আঞ্চলিক মহিলা সমিতিখন গঠন কৰে বুলি এক বিবৃতিযোগে জনায় বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক সমীৰ বৰ্মন।