ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ দ্বাৰা পৰিচালিত ক’ভিড কেয়াৰ চেণ্টাৰৰ ক’ভিড আক্ৰান্ত ৰোগীসকলে দিনটোৰ আৰম্ভণি কৰিছে যোগব্যায়ামেৰে । সীমান্ত আৰক্ষীয়ে শ্বেয়াৰ কৰা এক ভিডিঅ’ত ৰোগীসকলে দূৰত্ব মানি চলি মাস্ক পৰিধান কৰি বিভিন্ন ধৰণৰ যোগাসন কৰা দেখিবলৈ পোৱা গৈছে ।
Early morning Yoga at ITBP run largest Sardar Patel Covid Care Centre and Hospital, Radha Soami Beas, Chhatarpur, New Delhi. At present the center has more than 1200 patients admitted. More than 5500 patients discharged after treatment so far.#Himveers pic.twitter.com/l35iyZ2YX9
— ITBP (@ITBP_official) October 4, 2020
ITBP ৰ দ্বাৰা পৰিচালিত চৰ্দাৰ পেটেল ক’ভিড কেয়াৰ চেণ্টাৰ আৰু চিকিৎসালয়ত সম্প্ৰতি ১,২০০ তকৈ অধিক ৰোগী চিকিৎসাধীন অৱস্থাত আছে । উল্লেখ্য যে, এই পৰ্যন্ত চিকিৎসাৰ অন্তত পাঁচ হাজাৰতকৈও অধিক ৰোগীক ডিচাৰ্জ দিয়া হৈছে ।
আনহাতে, আজি পুৱা দেশত বিগত২৪ ঘণ্টাত নতুনকৈ ৭৫,৮২৯ জন আক্ৰান্ত হোৱাৰ পাছত কৰ’না আক্ৰান্তৰ সংখ্যাই ৬৫ লাখৰ সংখ্যা অতিক্ৰম কৰে। আৰু ১.০১ লাখতকৈ অধিক মৃত্যু হয় । দেশৰ ৰাজধানীত ২,৮৭,৯৩০ জন লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰে ভিতৰত ২৫,২৩৪ জন লোক চিকিৎসাধীন হৈ আছে আৰু প্ৰায় ২.৫ লাখ জন ৰোগী সুস্থ হৈ উঠিছে । আনহাতে, ৫,৫০০ জন লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ।