বিটিআৰ অঞ্চলৰ পৰা অজনজাতীয় গাঁও কৰ্তনৰ দাবীত চিলাৰায় উন্নয়ন মঞ্চৰ আন্দোলন কাৰ্যসূচী ঘোষণা

BTR

আজি চিৰাঙৰ চিদলীত চিলাৰায় উন্নয়ন মঞ্চৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । চিলাৰায় উন্নয়ন মঞ্চৰ সভাপতি বিক্ৰমজিৎ ৰায়ে জনায় যে এই কাৰ্য্যনিৰ্বাহক সভাত সিদ্ধান্ত লোৱা হয় যে বিটিআৰ চুক্তিত উল্লেখ থকা ধৰণে বিটিআৰৰ পৰা অজনজাতীয় গাঁও কৰ্তন কৰা হ’ব। অতিশীঘ্ৰেই এইসমুহ গাঁও বিটিআৰৰ পৰা কৰ্তনৰ দাবীত মঞ্চই আন্দোলন কাৰ্যসূচি ঘোষণা কৰে ।

ADVERTISEMENT

অহা ৮ অক্টোবৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচি ৰূপায়ণ কৰিব চিলাৰায় উন্নয়ন মঞ্চই । ধৰ্মঘটৰ পৰাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী,বিত্ত মন্ত্ৰী আৰু বিটিআৰ ৰূপায়ণ আয়োগলৈ স্মাৰক প্ৰদান কৰিব। লগতে মঞ্চৰ সভাপতি বিক্ৰমজিত ৰায়ে কয় যে বৰ্তমান সময়ত কোচ আৰু কোচ ৰাজবংশীক বিভাজন কৰাৰ বাবে কিছু সয়ম্ভু নেতাই ৰাজনীতি খেলি আছে । মঞ্চই সেইসকল নেতাক সকিয়াই দিয়ে যে কোচ আৰু ৰাজবংশী একেটা জনগোষ্ঠীয়েই ।

ইয়াৰ মাজত কোনো বিভাজন নাই বা কোনো পৃথক জনগোষ্ঠী নহয় । বিভাজনৰ ৰাজনীতিৰ পৰা আঁতৰত থকাৰ বাবে সকিয়াই দিয়ে ৷ অন্যথা চিলাৰায় উন্নয়ন মঞ্চৰ সৈতে সংঘাত হ’ব বুলি কয়। ইয়াত কোনো অপ্ৰীতিকৰ পৰিস্থিতি হ’লে তেওঁলোকেই দায়ী হ’ব।আজি চিৰাঙৰ চিদলীৰ ৯২ নং নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত চিৰাং জিলা সমিতি চিলাৰায় উন্নয়ন মঞ্চৰ সম্পাদক লোহিত বৰ্মনক অব্যাহতি দি নতুনকৈ ৰঞ্জিত ৰায়ক সম্পাদক আৰু উপ সভাপতি হিচাবে প্ৰশান্ত বৰ্মন আৰু সহকাৰী সম্পাদকৰ দায়িত্বত কৰুনা বৰুৱাক দায়িত্বভাৰ দিয়া বুলিও জনায় চিলাৰায় উন্নয়ন মঞ্চৰ সভাপতি বিক্ৰমজিত ৰায়ে ।

Exit mobile version