এপিডিচিএলক ব্যক্তিগতকৰণৰ বিৰুদ্ধে বঙাইগাঁৱত প্ৰতিবাদী কাৰ্যসূচী

WhatsApp Image 2020 10 05 at 7.08.19 PM

শেহতীয়াকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এ পি ডি চি এলক ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰতিবাদত বঙাইগাঁৱৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকল প্ৰতিবাদ মূখৰ হৈ পৰিছে ৷ সোমবাৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলে ব্যক্তিগতকৰণৰ বিৰুদ্ধে এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত দুইঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ADVERTISEMENT

অসম তথা ভাৰত বৰ্ষত বিজেপি নেতৃত্বাধীন চৰকাৰ অহাৰ পিচৰে পৰা চৰকাৰী খণ্ডৰ বহু সংখ‍্যক উদ‍্যোগ প্ৰতিষ্ঠান আদি ব‍্যাক্তিগতকৰণ কৰিছে আৰু শেহতীয়াকৈ বহু সংখ‍্যক চৰকাৰে বিভাগসমূহক ব‍্যক্তিগত খণ্ডত গতোৱাৰ ব‍্যৱস্থা কৰিছে । গতিকে চৰকাৰৰ এই ধৰণৰ কাৰ্য‍ৰ বিৰোধিতা কৰি আজি এইদৰেই বঙাইগাঁও জিলাত প্ৰতিবাদ সাব‍্যস্ত কৰিলে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলে।

Exit mobile version