ছ’চিয়েল মিডিয়াত সঞ্জয় দত্তৰ ফটো ব্যাপকভাৱে ভাইৰেল হোৱাৰ পাছতে অতি সোনকালে সুস্থ হৈ উঠাৰ কামনা অনুৰাগীৰ

WhatsApp Image 2020 10 05 at 5.17.58 PM

সম্প্ৰতি স্বাস্থ্যজনিত কাৰণত কামৰ পৰা বিৰতিত থকা সঞ্জয় দত্তৰ বৰ্তমানৰ কেইখন ফটোৱে ছ’চিয়েল মিডিয়াত ব্যাপক চর্চা লাভ কৰিছে। আনহাতে, উল্লেখিত সঞ্জয় দত্তৰ ফটোকেইখনত দুৰ্বল ৰূপত দেখিবলৈ পোৱা গৈছে । তেঁওৰ অনুৰাগীসকলে অতি সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰিছে। ইনষ্টাগ্ৰামত বহু অনুৰাগীয়ে লিখিছে-“সোনকালে সুস্থ হৈ উঠক বাবা” । আন এজন অনুৰাগীয়ে লিখে- “মই এইয়া বিশ্বাসে কৰিব পৰা নাই” ।

উল্লেখ্য যে, কে’বামাহৰ অন্তত নিজ সন্তান শ্বাৰহান আৰু ইকৰাক লগ কৰাৰ উদ্দেশ্যে মান্যতাৰ স’তে, ডুবাইলৈ যাত্ৰা কৰিছিল । ইয়াৰ আগেয়ে সঞ্জয় দত্তৰ মান্যতাই সঞ্জয় দত্ত, শ্বাহৰান আৰু ইকৰাৰ স’তে আনন্দদায়ক মুহূৰ্তৰ এখন পাৰিবাৰিক ফটো শ্বেয়াৰ কৰিছিল । কেপছনত আছিল এনেদৰে, ‘আজি মোক এনে এটা পৰিয়াল উপহাৰ দিয়াৰ বাবে ভগৱানক ধন্যবাদ দিব বিচাৰিছোঁ । কোনো অভিযোগ নাই… নাই কোনো অনুৰোধ । মাত্ৰ সদায় একেলগে থাকিব বিচাৰো।’

আনহাতে, আগষ্ট মাহত শ্বাসজনিত সমস্যাত ভূগি সঞ্জয় দত্ত মুম্বাইৰ কুকিলাবেন হস্পিতালত ভৰ্তি হৈছিল । স্বাস্থ্যজনিত কাৰণত আগষ্টৰ ১১ তাৰিখে কামৰ পৰা বিৰতি লোৱাৰ কথা প্ৰকাশ কৰিছিল সঞ্জয় দত্তই ।

বলিউদৰ অভিনেতাজনক শেহতীয়াভাৱে চড়ক-২ ছবিখনত দেখা পোৱা গৈছিল। যিখন যোৱা মাহত ডিজনী হটষ্টাৰত ৰিলিজ দিয়া হৈছিল। Shamsheraৰ পাছতেই অভিনেতাগৰাকীৰ মুক্তিপাবলগীয়া ছবিকেইখন হ’ল – KGF-Chapter 2, Torbaaz, Bhuj: The Pride Of India and Prithviraj.

Exit mobile version