বঙাইগাঁওত ভূমিহীন খিলঞ্জীয়া হিতাধীকাৰিক আনুষ্ঠানিক ভূমি পট্টাৰ আৱন্টন বিতৰণ 

WhatsApp Image 2020 10 05 at 7.08.15 PM

আজি ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাতো জিলাখনৰ ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰী লোকৰ মাজত ভূমি পট্টাৰ আৱন্টন বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱা ১১ বজাত স্থানীয় বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত ভূমি পট্টাৰ আবন্টণ বিতৰণ অনুষ্ঠানত অসম  চৰকাৰৰ  খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা তথা পেঞ্চন  বিভাগৰ মন্ত্রী ফণীভূষণ চৌধুৰী দেৱৰ উপস্থিতিত তথা জিলা উপায়ুক্ত ডাঃ এম.এছ. লক্ষ্মী প্ৰিয়াৰ উপস্থিতিত জিলাখনৰ সৰ্বমুঠ ১২২৮ গৰাকী ভূমিহীন খিলঞ্জীয়াৰ ভিতৰত পাঁচটা ৰাজহ চক্ৰ ক্ৰমে- বঙাইগাঁও, সৃজনগ্ৰাম, ডাংতল, মানিকপুৰ আৰু বইটামাৰীৰ মুঠ ৫২ গৰাকী হিতাধীকাৰীক আজি আনুষ্ঠানিক ভাৱে ভূমি পট্টাৰ আৱন্টন প্ৰদান কৰা হয় আৰু বাকী ১১৭৬ গৰাকী হিতাধিকাৰীয়ে এই ভূমি পট্টাৰ আৱন্টন পত্ৰ নিজ নিজ ঠাইৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা  গ্ৰহণ কৰিব পাৰিব ।

আজিৰ এই সমাৰোহত বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা, জিলা বিজেপিৰ সভানেত্রী হিমানী অধিকাৰী, বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় সিংহ , উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি  কমল বৰুৱা  লগতে জিলাখনৰ আটাইকেইটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল, অন্যান্য বিষয়াবৰ্গ আৰু হিতাধিকাৰী সকল উপস্থিত থাকে ।

Exit mobile version