বেইজিঙৰ পৃষ্ঠপোষকতাত চীনৰ পৰাই সক্ৰিয় পৰেশ বৰুৱাঃ দিল্লী

Paresh Baruah

চীনৰ স’তে ভাৰতৰ সংঘাত বৃদ্ধিৰ সময়তে চুবুৰীয়া দেশখনৰ ভূমিত আশ্ৰয় লৈ ভাৰত বিৰোধী কাৰ্যকলাপ অব্যাহত ৰাখিছে আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাই ।শেহতীয়াকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত বেআইনী কাৰ্যকলাপ ন্যায়াধিকৰণত দাখিল কৰা দুখন শপতনামাত এই কথা উল্লেখ কৰা হৈছে।

পূৰ্বৰে পৰা চীনৰ লগত সু সম্পৰ্ক ৰক্ষা কৰি চলা পৰেশ বৰুৱা তথা আলফা (স্বা)ৰ ম্যানমাৰৰ টাগাত থকা শিবিৰ দেশখনৰ সেনাবাহিনীয়ে বিগত বৰ্ষৰ জানুৱাৰীত উৎখাত কৰে ৷ফলত টাগাৰ পৰা আঁতৰি বৰু চীনৰ দক্ষিণ প্ৰান্তৰ ইউনান প্ৰদেশৰ ৰুইলীত বাহৰ পাতে৷তেতিয়াই পৰা বৰুৱা ৰুইলীতে থকা তথ্য বিভিন্ন চোৰাংচোৱা সংস্থাই সদৰী কৰি আহিছে ।শেহতীয়াকৈ সেই তথ্য শপতনামাযোগে ন্যায়াধিকৰণত অৱগত কৰে কেন্দ্ৰীয় চৰকাৰে ৷চীনৰ পৃষ্ঠপোষকতাত ৰুইলীৰ পৰা অসম তথা ভাৰত বিৰোধী কাৰ্যকলাপ পৰেশ বৰুৱা তথা আলফা (স্বা)ই অব্যাহত ৰখা বুলিও ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাৰ ন্যায়াধিকৰণত দাখিল কৰা শপতনামাত সদৰী কৰা হৈছে ৷

উল্লেখযোগ্য যে বেআইনী কাৰ্যকলাপ জড়িত থকা বাবে আলফা (স্বা)ৰ বিৰুদ্ধে নিষেধাজ্ঞা পুনৰ পাঁচ বৃদ্ধি সম্পৰ্কীয় এক বিষয়ক লৈ ন্যায়াধিকৰণৰ জাননী অনুসৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অলপতে এই শপতনামা দাখিল কৰে ৷অসম চৰকাৰৰ শপতনামাত সংগঠনটোৱে চীনৰ পৰা ৰাজ্যত সদস্য ভৰ্তিৰ অভিযান চলাই থকাৰ তথ্য উন্মোচিত হয় ।

অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব সীমান্ত কুমাৰ দাসে দাখিল কৰা শপতনামাত উল্লেখ কৰা হৈছে যে বিগত ২০১৬ ৰ পৰা ২০১৮ লৈ সংগঠনটোৱে ফেচবুক আৰু অন্যান্য সামাজিক মাধ্যমৰ জৰিয়তে সদস্যভৰ্তিত গুৰুত্ব আৰোপ কৰে। ইয়াৰ ফলতে ২০১৭-২০১৮ত ৩৭ জন যুৱক সংগঠনটোত ভৰ্তি হোৱাৰ তথ্য পোহৰলৈ আহে।

কেন্দ্ৰ আৰু ৰাজ্যৰ শপতনামা দুখনত এই কথাও উল্লেখ কৰা হৈছে যে টাগা সম্প্ৰতি সংগঠনটোৰ এক ভ্ৰাম্যমাণ মুখ্য কাৰ্যালয়ত পৰিণত হৈছে। তাৰ বিপৰীতে৷কেন্দ্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰ আৰু বিশেষ শিবিৰৰ পৰা গঢ়ি তোলা হৈছে ম্যানমাৰৰ লুংমাৰ্ক অঞ্চলক ৷এই অঞ্চলেৰে এটা শিবিৰৰ নাম হ’ল নীলগিৰি আৰু তাতেই অস্ত্ৰ শস্ত্ৰ,বিস্ফোৰক আদি জমা হৈছে।

আৰাকান আৰু পাপুংনাগা বস্তিত অৱস্থিত শিবিৰৰ পৰাই সংগঠনটোৱে অসমত কাম কাজ চলাই থকা বুলি শপতনামাত উল্লেখ কৰা হৈছে। এনেদৰে ম্যানমাৰৰ বিভিন্ন স্থানত শিবিৰ গঢ়ি উঠিলেও চীনৰ ভূমিৰ পৰাই সকলো কাৰ্যকলাপ সংগঠনটোৰ স্বয়ম্ভু মুৰব্বী বৰাই চলাই আছে বুলি শপতনামাত উল্লেখ কৰা হৈছে ।

Exit mobile version