■ ৰাজ্যত চলি থকা কৰ’না মহামাৰীৰ সম্পূৰ্ণ স্বাস্থ্যবিধি মানি সীমিত শিক্ষকৰ উপস্থিতিৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন।
■ বৰাক ব্রহ্মপুত্ৰ দুয়ােটা উপত্যকাৰে সকলা শিক্ষাখণ্ডৰ কাৰ্যালয়ত ত্রিশ ডিচেম্বৰ ২০১৯ তাৰিখে মুখ্যমন্ত্ৰীয়ে দিয়া নির্দেশ শীঘ্ৰে কাৰ্যকৰী কৰাৰ লগতে ২০১৯ বৰ্ষৰ বৃত্তি পৰীক্ষাৰ ফলাফল ঘােষণা কৰা, সকলাে ঠিকাভিত্তিক শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ প্রয়ােগৰ পূর্বে নিয়মীয়া কৰা, বেতন বঞ্চিত শিক্ষকৰ প্রাপ্য আদায় দি নিয়মীয়া কৰা, অপ্রদেশীকৃত বিদ্যালয় প্রাদেশীকিকৰণ কৰা, খালী থকা শিক্ষা বিষয়াৰ পদ পূৰণ কৰা, ঘােষিত সকলাে মহকুমাতে কার্যালয় স্থাপন কৰি বিষয়া নিযুক্তি দিয়া আদি দাবীৰ সমৰ্থনত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
■ প্ৰাথমিক শিক্ষক শিক্ষাৰ্থীৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰী,শিক্ষামন্ত্ৰী আৰু শিক্ষাআযুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।
■ শিক্ষাখণ্ডৰ বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে কামৰূপ জিলাৰ ৰামপুৰ শিক্ষাখণ্ডৰ ধৰ্ণা কাৰ্যসূচীত অংশ লৈ সমস্যা সমাধানৰ বাবে চৰকাৰে শীঘ্ৰে ব্যৱস্থা নল’লে তীব্র আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
■ বিভিন্ন প্রতিকূলতা নেওচি শিক্ষক সকলে কাৰ্যসূচী সফল কৰা বাবে ৰাজ্যিক সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰা আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গােস্বামীয়ে সকলাে মহকুমা আৰু খণ্ড সমিতিক ধন্যবাদ জনাইছে আৰু পৰৱর্তী দিনৰ সংগ্ৰামৰ বাবে সাজু থাকিবলৈ আহ্বান জনাইছে।
মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশ পালন নহ’লে মুখ্যমন্ত্ৰীৰ আসনখনৰ গৰিমা ম্লান নহয়নে : প্ৰশ্ন সন্মিলনীৰ

ADVERTISEMENT