- অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ কেলেংকাৰিত জড়িত পি কে দত্তক নেপালত আটক কৰা হৈছে।
- ইয়াৰ পাছতে পশ্চিমবংগ আৰক্ষীক পি কে দত্তক গতাই দিয়ে ৷
- অনতিপলমে অধিক তদন্তৰ কাৰণে অসম আৰক্ষীয়ে অসমলৈ অনাৰ ব্যৱস্থা কৰিব ৷
- উল্লেখযোগ্য যে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ অন্যতম অভিযুক্ত পি কে দত্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৷
- প্ৰশ্নকাকত ফাদিলৰ ঘটনাত নাম সাঙোৰ খাই পৰাৰ পাছৰে পৰা অভিযুক্ত দত্তই আত্মগোপন কৰে নেপালত ।
- সহযোগী দিলীপ গগৈ ওৰফে ভাইৰ সহযোগত যোৱা ২৩ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা স্থলপথেৰে পলায়ন কৰিছিল দত্তই।
- আয় বহিৰ্ভূত সম্পত্তি সম্পৰ্কত প্ৰৱৰ্তক সঞ্চালকালয়( ই ডি)য়ে গোচৰ ৰুজু কৰাৰ পাছতে আত্মসমৰ্পনৰ বাবে অভিযুক্ত দত্তই মধ্যস্থতাকাৰীৰে আৰক্ষীৰে যোগাযোগ কৰে।
- ভাৰত-নেপাল সীমান্তৰ প্ৰব্ৰজন কেন্দ্ৰত পুত্ৰ ঈশান দত্ত আৰু জোৱায়েক সুজানো ধৃত দত্তৰ লগতে আছে।
এছ আই কেলেংকাৰিৰ অভিযুক্ত পি কে দত্তক অসমলৈ আনিবলৈ পশ্চিমবংগলৈ ৰাওনা অসম আৰক্ষী
