কাছৰ মাংস কাটি ভক্ষণৰ চেষ্টা চলোৱাৰ গোচৰত এজন লোকক আটক ধুবুৰী বন বিভাগৰ

WhatsApp Image 2020 10 06 at 6.25.10 PM

প্ৰায় তিনি সপ্তাহৰ মূৰত কাছৰ মাংস কাটি ভক্ষণৰ চেষ্টা চলোৱাৰ গোচৰত মাত্ৰ এজন লোকক আটক কৰিছে ধুবুৰী বন বিভাগে। আনহাতে ৰহস্যজনক ভাৱে মূল অভিযুক্তক ৰক্ষণাবেক্ষণ দি আহিছে ধুবুৰী বন বিভাগে। উল্লেখ্য যে, যোৱা ১৬ ছেপ্টেম্বৰৰ পুৱাৰ ভাগত ধুবুৰীৰ বয়জ ক্লাবৰ ভিতৰত ক্লাবৰ একাংশ সদস্যৰ লগতে দুষ্ট চক্ৰ এটাই বিৰল প্ৰজাতিৰ প্ৰকাণ্ড কাছ কাটি ক্লাবৰ ভিতৰত গোপনে মাংস বিক্ৰী আৰু ভক্ষণ কৰাৰ চেষ্টা চলাইছিল।

এনে এক গোপন তথ্যৰ ভিত্তিত একাংশ সংবাদকৰ্মীয়ে ক্লাবত উপস্থিত হোৱাৰ লগে লগে দুষ্ট চক্ৰৰ দলটোৱে মাংস এৰি ক্লাবত তলা লগাই পলাই পত্ৰং দিয়ে । পিছে পিছে ধুবুৰী বন বিভাগৰ বনবিষয়া হৰিশ চন্দ্ৰ নাথ আৰু ধুবুৰী আৰক্ষী থানাৰ চহৰ উপ পৰিদৰ্শক ঘটনাস্থলীত উপস্থিত হৈ কাটি টুকুৰা টুকুৰ কৰা প্ৰায় পোন্ধৰ কিলো ওজনৰ কাছৰ মাংস জব্দ কৰিবলৈ সক্ষম হয়।

ইপিনে ধুবুৰী ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ জয় শংকৰ শৰ্মাই ক্লাবত উপস্থিত হোৱাৰ পিছত ক্লাবৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি ভিতৰৰ পৰা কিছু পৰিমাণৰ কাছৰ মাংস, দা আৰু মাংস জোখা দগা উদ্ধাৰ কৰি ক্লাবটো ছীল কৰি দিয়ে। ইপিনে উক্ত ঘটনাৰ সন্দৰ্ভত বন বিভাগে গোচৰ ৰুজু কৰি দোষী সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যদিও ৰহস্যজনক ভাবে গোচৰ ৰুজু কৰাৰ পৰা বিৰত আছিল বন বিভাগ।

ইপিনে এই সন্দৰ্ভত সংবাদ মাধ্যমত বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই প্ৰায় দুই সপ্তাহ পিছতহে বন বিভাগে ডি-৬/২০ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি দোষী সকলৰ বিৰুদ্ধে নাটকীয় অভিযান আৰম্ভ কৰে । এনে অভিযানত আজি বন বিভাগে নান্টু বীণ নামৰ এজন বৃদ্ধক আটক কৰিবলৈ সক্ষম হয় বুলি জনায় ধুবুৰী আঞ্চলিক বনবিষয়া হৰিশ চন্দ্ৰ নাথে।

ইপিনে বাকী আন তিনিজন অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে বুলি জনাইছে। কিন্তু লক্ষ্যণীয় বিষয় যে কাছৰ মাংস কটাৰ সময়ত উক্ত স্থানত থকা ক্লাবৰ গোৱালা উপাধিৰ সম্পাদক জনক আটক কৰাৰ পৰিৱৰ্তে ৰহস্যজনক ভাবে ঘটনাৰ সাক্ষী সজাই সোধ পোছ কৰিয়েই এৰি দিয়া বুলি কয় আঞ্চলিক বনবিষয়া গৰাকীয়ে।

Exit mobile version