কৰ’নাই ধ্বংস কৰিলে অর্থনীতি, আমেৰিকাত এতিয়া নিবনুৱাৰ হাহাকাৰ

WhatsApp Image 2020 10 06 at 1.30.44 PM

বিশ্বৰ সবাতােকৈ শক্তিশালী অর্থনীতিৰ দেশ হিচাপে পৰিচিত হৈ অহা আমেৰিকাৰ আর্থিক অৱস্থা সম্প্রতি যথেষ্ট শােচনীয়। ক’ভিড-১৯ সংক্ৰমণৰ পৰিণতিত বিশ্বৰ আন বহু দেশৰ দৰে আমেৰিকাও আর্থিক দিশত নানা সংকটৰ সন্মুখীন হৈছে। কৰ’নাৰ সংক্ৰমণ আৰু তলাবন্ধৰ পৰিণতিত দেশখনৰ উদ্যোগ আৰু ব্যৱসায় খণ্ড নেতিবাচকভাৱে প্ৰভাৱিত হােৱাৰ ফলত এতিয়া আমেৰিকাত লাখ লাখ লােক কর্মসংস্থাপনহীন হৈছে ।

ADVERTISEMENT

এইসকল নিবনুৱা লােকে কেতিয়া পুনৰ সংস্থাপন লাভ কৰিব সেয়া নিশ্চিত নহয়। কৰনাৰ সংক্ৰমণৰ পাছৰে পৰা আমেৰিকাত মনােৰঞ্জন উদ্যোগৰ লগতে হােটেল, ৰেস্তোৰাঁ, উচ্চ শিক্ষা খণ্ড, বিজ্ঞাপন জগতৰ লগতে অন্যান্য বহু খণ্ডত লাখ লাখ লােকে সংস্থাপন হেৰুৱালে । এইবােৰ খণ্ডত জড়িত কে’বালাখ লােক বিগত ছমাহৰ অধিক ধৰি সংস্থাপনহীন হৈ আছে আৰু তেওঁলােকে পুনৰ কেতিয়া নিয়ােগ লাভ কৰিব সেয়া এতিয়াও স্পষ্ট হােৱা নাই ।

পৰিসংখ্যা অনুসৰি আমেৰিকাত কৰ’না অতিমাৰীৰ ফলত ২.২ কোটি লােকে সংস্থাপন হেৰুৱালে আৰু ইয়াৰে অর্ধেকৰাে কম সংখ্যকেহে পুনৰ সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। ডনাল্ড ট্রাম্প প্রশাসনে ছেপ্টেম্বৰত আমেৰিকাত ৬,৬১,০০০ চাকৰি সৃষ্টি কৰা বুলি দাবী কৰিছিল। কিন্তু ট্রাম্পৰ এনে দাবীৰ পাছতাে কৰনাত ভয়াৱহভাৱে ক্ষতিগ্রস্ত হােৱা আমেৰিকাত লাখ লাখ লােক সম্প্রতি নিবনুৱা হৈ আছে ।

Exit mobile version