কৰ’নাক ভয় কৰাৰ প্ৰয়োজন নাইঃকৰ’নাৰ পৰা সুস্থ হৈয়ে ট্ৰাম্পৰ অদ্ভুত মন্তব্য

201005 donald trump takes

কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ড’নাল্ড ট্ৰাম্প ৷কিন্তু ইতিমধ্যে সুস্থ হৈ ট্ৰাম্প হোৱাইট হাউছলৈ গমন কৰিছে ৷আৰু চিকিৎসালয়ৰ পৰা উভতিয়েই ট্ৰাম্পৰ মন্তব্য‍, কৰ’নাক ভয় কৰাৰ কোনো প্ৰয়োজন নাই’ ৷লগতে ট্ৰাম্প চিকিৎসালয়ৰ পৰা মাস্ক পৰিধান কৰি বাহিৰলৈ ওলাই আহিছিল যদিও টুইটাৰযোগে শ্বেয়াৰ কৰা ভিডিঅ’টোত কিন্তু মাস্ক পৰিধান কৰা নাছিল ড’নাল্ড ট্ৰাম্পে ৷

ADVERTISEMENT

ইপিনে নিজৰ স্বাস্থ্য সুস্থিৰ হোৱাৰ কথা এটা টুইটেৰে জানিবলৈ দি ট্ৰাম্পে কয়, ‍‘মোৰ এতিয়া ভাল। ক’ৰ’নাক লৈ ভয় কৰাৰ কোনো দৰকাৰ নাই। ইয়াক নিজৰ জীৱনত প্ৰভাৱ পেলাব নিদিব’৷উল্লেখ্যযোগ্য যে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্প কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।

ইয়াৰ পাছতে ট্ৰাম্পক শুকুৰবাৰে ৱাল্টৰ ৰীড নেশ্যনেল মিলিট্ৰী মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল। আনহাতে আমেৰিকাত সম্প্ৰতি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰস্তুতি সমাগত ৷ তাৰ মাজতে কালি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কৰ’নাত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ মাজতে কিছু সময়ৰ কাৰণে চিকিৎসালয়ৰ পৰা বাহিৰলৈ গৈ তেওঁৰ সমৰ্থকসকলক অভিবাদন কৰে। ক’ভিডৰ প্ৰট’কল অমান্য কৰি বাহিৰলৈ ওলাই অহা ট্ৰাম্প সমালোচনাৰো সন্মুখীন হয় ৷

Exit mobile version