কৰ্দৈগুৰিত মাহ-প্রসাদৰ বিষক্রিয়াত অসুস্থ দুই শতাধিক

ranjeet das

“জনসাধাৰণক মৃত্যুমুখত পেলাই আমি বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা নাই ৷ অসমত ক’ভিড আক্ৰান্তৰ সংখ্যা আমি পাঁচ হাজাৰো আশা কৰা নাছিলোঁ ৷ কিন্তু আজি অসমত ক’ভিড আক্ৰান্তৰ সংখ্যা প্ৰায় দুই লাখ ৷ গতিকে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা এতিয়াই ক’ব পৰা নাযায়৷ ” এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ ৷

আজি বিজেপিৰ ৰাজ্যিক সভাপতি দাসে ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত কৰ্দৈগুৰিত মাহ-প্ৰসাদত বিষক্ৰিয়া হৈ অসুস্থ হোৱা লোকৰ খবৰ ল’বলৈ আহি সাংবাদ মাধ্যমৰ আগত বিটিএডিৰ নিৰ্বাচনৰ প্ৰসংগত মন্তব্য কৰে ৷ যদি নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে ভাৰতীয় জনতা পাৰ্টিয়ে ২৬ টা সমষ্টিৰ ২২ টাতে জয়ী হৈ পৰৱৰ্তী চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে ৰঞ্জিত কুমাৰ দাসে।

উল্লেখ্য যে যোৱা ১ অক্টোবৰত কৰ্দৈগুৰিত গৰখীয়া গোঁসাই থানখন স্থানান্তৰ কৰা উপলক্ষে বিতৰণ কৰা মাহ-প্রসাদ খাই প্রায় দুই শতাধিকলোক অসুস্থ হৈ পৰাৰ লগতে কুৰি গৰাকী লোক চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয় | এই লোকসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগত বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা,ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱা ,প্রাক্তন বিধায়ক ড০ মনোৰঞ্জন দাস,বিজেপিৰ ভৱানীপুৰ সমষ্টিৰ তত্বাবধায়ক গোপীৰাম নাথ আদি আজি কৰ্দৈগুৰিত উপস্থিত হয় ৷

তেওঁলোকে অসুস্থ লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সভাপতি ৰঞ্জিত কুমাৰ দাসে ব্যক্তিগত পুঁজিৰ ধনেৰে অসুস্থ দৰিদ্ৰ প্ৰায় ষাঠিটা পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰে |

Exit mobile version