ঝাৰখণ্ডই সন্ধান দিলে নতুন পথৰ

Jharkhand 1

সমগ্ৰ দেশত ছমাহৰো অধিক দিন বন্ধ হৈ আছে বিদ্যালয়।ছাত্র-ছাত্ৰীক শিক্ষা দিয়া হৈছে ‘অনলাইন ক্লাছ’ ৰ মাধ্যমত ।কিন্ত ঝাৰখণ্ডৰ আদিবাসী অধু‍্যষিত গাওঁবিলাকৰ ছাত্ৰ -ছাত্ৰীৰ নাই স্মাৰ্টফোন অথবা লেপটপ।কিন্তু এইবুলিটো পাঠদান বন্ধ থাকিব নোৱাৰে ।

ADVERTISEMENT

এইক্ষেত্ৰত পোহৰলৈ আহিছে স্বপন পত্ৰলেখ নামৰ শিক্ষকজন ।কৰ’নাৰ প্ৰভাৱত বিদ্যালয় বন্ধ হৈ থকাত ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ্থী সকল ।কিন্তু ইয়াৰ মাজতে বিদ্যালয়ৰ শিক্ষকসকলৰ দ্বাৰা আৰম্ভ কৰা হৈছে পাঠদান।চৰকাৰী নিৰ্দেশনা অমান্য কৰি অৱশ্যে বিদ্যালয়ৰ তলা খোলা হোৱা নাই ।

এক অভিনৱ প্ৰচেষ্টাৰে বিদ্যালয়ৰ শ্ৰেণী কোঠা বন্ধ থকা সত্বেও কণ কণ ছাত্ৰ -ছাত্ৰী সকলে লাভ কৰিছে শিক্ষা।সম্পূৰ্ণ সামাজিক দূৰত্ব অব্যাহত ৰাখিয়ে শিক্ষকৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে পাঠদান লাভ কৰিছে ।শিক্ষকসকলে গাঁৱৰ বহুকেইটা গৃহৰ দেৱালত ৫০ খন ব্লেক ব’ৰ্ডৰ ব্যৱস্থা কৰিছে ।দেৱালত ক’লা ৰং লগাই ব্লেক ব’ৰ্ডৰ ৰূপ দিয়া হৈছে।

এনে ব্লেক ব’ৰ্ডৰ সন্মুখত এজন এজনকৈ শিক্ষাৰ্থীক বহুৱাই পাঠদান কৰা হৈছে।এবাৰত অৱশ্যে ৫০তকৈ অধিক ছাত্ৰ-ছাত্ৰী একগোট কৰা নহয় ।ফলত সম্পূৰ্ণ ২৯০ জন শিক্ষাৰ্থীয়েই সমান্তৰালভাৱে শিক্ষা লাভ কৰিছে।বিদ্যালয় খনৰ চাৰিজন শিক্ষকে পৰ্যায়ক্ৰমে এজন এজনকৈ শিক্ষাৰ্থীক ভিন্ন বিষয়ৰ পাঠদান আগবঢ়াই আহিছে।শিক্ষকসকলৰ এনে প্ৰচেষ্টাত গাঁৱৰ সকলো অভিভাৱকেই সহযোগ আগবঢ়াইছে।

Exit mobile version