তৰুণ গগৈ চিকিৎসালয়ৰ পৰা আহিলেই গৰম হ’ব ৰাজনীতিঃবদৰুদ্দিন আজমল

Collage

“প্ৰাক্তন মূখ্য মন্ত্ৰী তৰুণ গগৈয়ে চিকিৎসালয়ৰ পৰা আৰোগ্য হৈ আহিলেই ৰাজনীতি কিছু গৰম হ’ব৷”এই মন্তব্য ধুবুৰী লোকসভাৰ সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ ।উল্লেখ্য যে আজমল ফাউণ্ডেচনৰ সাহায্যৰে গোৱালপাৰা চহৰৰ কাৰবালাস্থিত মাৰ্কাজত নিৰ্মাণ হ’বলগীয়া বিশুদ্ধ খোৱাপানী যোগানৰ এটি প্ৰকল্পৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বদৰুদ্দিন আজমলে ৷

অনুষ্ঠানত অংশ লৈ মিত্ৰতা সম্পৰ্কে সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত বদৰুদ্দিন আজমলে কয়” মিত্ৰতা যেতিয়া হ’ব তেতিয়া সকলোৱে গম পাব ৷ এইবোৰ লুকাই নাথাকে ৷ মিত্ৰতা লৈ সাংবাদিকমহল আতংকিত হৈ আছে কিন্তু হ’ব নালাগে ৷

আমাৰ যি হ’বলগীয়া আছে অহা ডিচেম্বৰৰ শেষত হ’ব ৷ হাতত এতিয়াও বহু সময় আছে ৷ জানুৱাৰীৰ পৰা কাম আৰম্ভ হ’ব ৷”মিত্ৰমিত্ৰতা সম্পৰ্কে কৌশলী মন্তব্য কৰি আজমলে লগতে কয় “কংগ্ৰেছ আৰু এআইইউডিএফৰ ভৱিষ্যত এতিয়া ওপৰৱালাৰ ওপৰত ৷ ওপৰৱালাই ঠিক কৰিব দুয়োটা দলৰ ভৱিষ্যত৷” উল্লেখযোগ্য যে কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা তৰুণ গগৈৰ অনতিপলমে আশু আৰোগ্য কামনা কৰিছে বদৰুদ্দিন আজমলে৷

Exit mobile version