স্বশাসিত বিতৰ্কিত অঞ্চল নাগৰ্ন’-কাৰাবাখ দখল অভিযান অধিক তীব্ৰ কৰি তুলিলে আজাৰবাইজানৰ সামৰিক বাহিনীয়ে ৷ এটাৰ পাছত আন এটাকৈ মুঠ চাৰিটা বিস্ফোৰণত কঁপি উঠিল অঞ্চলটোৰ ৰাজধানী ষ্টেপানকাৰ্ট চহৰ । ধাৰাবাহিক বোমা আক্ৰমণত ঘটনাত শংকিত হৈ পৰা স্থানীয় বাসিন্দাসকলে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰি প্ৰাণৰক্ষা কৰে ।
ADVERTISEMENT
আজাৰবাইজানৰ সেনাবাহিনীয়ে ষ্টেপানকাৰ্ট চহৰ দখলৰ বাবে আগবাঢ়ি যোৱা বুলিও বাতৰি প্ৰচাৰিত হৈছে ৷ ষ্টেপানকাৰ্ট আৰু ছুছা চহৰত আজাৰবাইজানৰ সেনাই চলোৱা বোমাবৰ্ষণত চাৰিজন নিৰীহ নাগৰিকৰ মৃত্যু হৈছে । উল্লেখযোগ্য যে বিগত এসপ্তাহৰো অধিক আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত বিতৰ্কিত “নাগাৰ্ন”কাৰাবাখ অঞ্চল দখলক লৈ ব্যাপক যুঁজ অব্যাহত আছে ৷