বঙাইগাঁও জিলাৰ মানিকপুৰৰ পাতিলাদহাত পথ দুৰ্ঘটনা

WhatsApp Image 2020 10 06 at 6.33.40 PM

বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত পাতিলাদহা বজাৰত ভয়াবহ দুৰ্ঘটনাত এজন থিতাতে নিহত হয় । নিহত লোক জন চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত বিষডোবা গাঁৱৰ নজৰুল ইছলাম (৬০) । এএচ১৯এচি_২৮০৭ নম্বৰৰ ১৮টা চকাযুক্ত ট্ৰাকে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় পথচাৰীজন ।

দীৰ্ঘদিনৰ পৰা পাতিলাদহাৰ ভিতৰুৱা গাওঁত ১০-১৮টা চকাযুক্ত ট্ৰাক সোমাই প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । মাণিকপুৰ থানাৰ প্ৰতিটো ট্ৰাকৰ বিনিময়ত মোটা অংকৰ ধন সংগ্ৰহ কৰি এই সমূহ ট্ৰাক যাবলৈ দিয়াৰ অভিযোগ উত্থাপন কৰে অঞ্চলৰ ৰাইজৰ লগতে আলুখুন্দা আঞ্চলিক আমছুৰ সভাপতিয়ে ।

ট্ৰাকসমূহ যাতে গাওঁ অঞ্চলত আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে ।মানিকপুৰৰ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে যদিও চালক আৰু হেণ্ডিমেন পলায়ন কৰিছে। আনহাতে দুৰ্ঘটনাত নিহত নজৰুল ইছলামৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে মৃতদেহ বঙাইগাঁওলৈ প্ৰেৰণ কৰিছে।

ট্ৰাকৰ ভিতৰত কি সামগ্ৰী আছিল সেয়াও এতিয়ালৈ জানিব পৰা হোৱা নাই।উল্লেখ‍্য যে কেইদিনমান পূৰ্বে মানিকপুৰ থানাৰ অন্তৰ্গত মানাহ নদীৰ দলঙৰ ওপৰত সংঘটিত এক পথ দুৰ্ঘটনাত একে পৰিয়ালৰ তিনিজনকৈ লোক নিহত হৈছিল । তাৰ পিচতো পথ দুৰ্ঘটনা ৰোধৰ বাবে মানিকপুৰ থানাৰ অন্তৰ্গত দুৰ্ঘটনাপ্ৰৱণ এলেকা সমূহত জিলা প্ৰশাসনে কোনো ধৰণৰ ব‍্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

Exit mobile version