যকৃতৰ কৰ্কটৰ বাবে দায়ী হেপাটাইটিছ ‘চি’

Screenshot 2

বিশ্বজুৰি কৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে নতুন জীৱাণুৰ আৱিষ্কাৰ কৰি ন’বেলবঁটা লাভ কৰিলে তিনিজন বিজ্ঞানীয়ে। ‘হেপাটাইটিছ চি’ নামৰ এক নতুন জীৱাণুৰ সন্ধান দিয়াৰ বাবে আমেৰিকান বিজ্ঞানী হার্ভে জে অল্টাৰ, চার্লছ এম ৰাইচৰ স’তে ব্রিটিছ বিজ্ঞানী মাইকেল হাউটনলৈ এই বছৰৰ ন’বেল বঁটা আগবঢ়োৱা বুলি ন’বেল কমিটীয়ে ঘােষণা কৰে। কমিটীয়ে জনাইছে যে লিভাৰ চিৰ’ছিছ আৰু যকৃতৰ কৰ্কটৰ অন্যতম কাৰণ এই ‘হেপাটাইটিছ চি’ ভাইৰাছ আৱিষ্কাৰ কৰি বিশ্বত ৰক্তবাহিত ৰােগৰ বিৰুদ্ধে সংগ্রামত উল্লেখনীয় অৱদান আগবঢ়োৱাৰ বাবেই বিজ্ঞানীত্রয়ক এই পুৰস্কাৰৰ বাবে নির্বাচিত কৰা হৈছে ।

৮৫ বছৰীয়া অল্টাৰে সম্প্রতি আমেৰিকাৰ ক্লিনিকেল চেণ্টাৰৰ ‘ডিপার্টমেন্ট অৱ ট্রেন্সফিউচন মেডিচিন বিভাগৰ ছিনিয়ৰ ইনভেষ্টিগেটৰ ৰূপে কাম কৰি আছে। ইয়াৰ পূর্বে তেওঁ দীর্ঘদিন ধৰি আমেৰিকাৰ চৰকাৰী সংস্থা ‘নেচনেল ইনষ্টিটিউট অৱ হেলথ (এনআইএইছ)ত কাম কৰিছিল। নবেলজয়ী আন এগৰাকী বিজ্ঞানী ৰাইচৰ জন্ম হৈছিল ১৯৫২তকেলিফর্ণিয়াৰ ছেক্ৰামেন্ট’ত। ২০০১ৰ পৰা ২০১৮ পর্যন্ত তেওঁ আমেৰিকাৰ ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ ‘চেণ্টাৰ ফৰ দ্য ষ্টাডী অৱ হেপাটাইটিছ চিত ছায়েন্টিফিক এণ্ড এগজিকিউটিভ ডিৰেক্টৰ আছিল।

ইংলণ্ডৰ বিজ্ঞানী হাউটনে ১৯৭৭ত লণ্ডনৰ কিংছ কলেজৰ পৰা পিএইছডি অর্জন কৰিছিল। ইংলণ্ড-আমেৰিকাৰ বিভিন্ন স্থানত কাম কৰাৰ পাছত সম্প্রতি তেওঁ আলবার্টা বিশ্ববিদ্যালয়ৰ লি কা শ্বিং এপ্লাইড ভাইৰ’লজী ইনষ্টিটিউটৰ সঞ্চালক পদত কার্যনির্বাহ কৰি আছে। এই তিনি বিজ্ঞানীক এইবাৰ ন’বেলৰ বাবে বাছি লােৱাৰ কাৰণ সন্দৰ্ভত নবেল কমিটীয়ে জনায় যে ‘হেপাটাইটিছ এ’ আৰু ‘হেপাটাটিছ বি’ ভাইৰাছ আৱিষ্কাৰ আছিল গুৰুত্বপূৰ্ণ অগ্রগতি। এই দুই জীৱাণুৰ সংক্ৰমণৰ পৰীক্ষা আৰু চিকিৎসা পদ্ধতি থাকিলেও অধিকাংশ ক্ষেত্ৰতে একপ্রকাৰৰ ৰক্তবাহিত হেপাটাইটিছৰ ব্যাখ্যা চিকিৎসক-বিজ্ঞানীসকলৰ নাছিল।

এতিয়া সেই প্রশ্নৰ উত্তৰ দিছে ‘হেপাটাইটিছ চি’য়ে। ক্রণিক হেপাটাইটিছৰ কাৰণ জনা, হেপাটাইটিছ “চি’ৰ সংক্ৰমণ চিহ্নিত কৰাৰ বাবে ৰক্ত পৰীক্ষা আৰু সম্ভাৱ্য ঔষধ আৱিষ্কাৰৰ ক্ষেত্ৰত নতুন দিগন্তৰ সন্ধান দিছে, যি কোটি কোটি মানুহৰ জীৱন ৰক্ষাত সহায় কৰিব বুলিও নবেল কমিটীয়ে কয়। উল্লেখ্য যে বিগত শতিকাৰ চতুর্থ দশকত হেপাটাইটিছ এ’ ভাইৰাছৰ প্ৰথম সন্ধান পােৱা গৈছিল। জনা গৈছিল যে প্রধানকৈ জলবাহিত এই ভাইৰাছৰ পৰা যকৃতৰ নানা ধৰণৰ সমস্যা সৃষ্টি হয়।

তাৰ পাছত যােৱা শতিকাৰে ষষ্ঠ দশকত বিজ্ঞানী বাৰুচ ব্লুমবার্গে হেপাটাইটিছ ‘বি’ আৱিষ্কাৰ কৰে। এই ৰক্তবাহিত ভাইৰাছৰ সংক্ৰমণ আৰু মাৰাত্মক তথা তাৰ পৰা যে লিভাৰ চিৰ’ছিছ আৰু যকৃতৰ কৰ্কট হ’ব পাৰে, গৱেষণাৰ জৰিয়তে প্রথমবাৰলৈ দেখুৱাইছিল ব্লুমবার্গে। ইয়াৰ বাবে তেওঁ ১৯৭৭ত ন’বেল বঁটা অর্জন কৰিছিল। এইবাৰ একে প্রজাতিৰে আন এবিধ ভাইৰাছৰ সন্ধান দি নবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে।

Exit mobile version