আমাৰ চৰকাৰ হোৱা হ’লে ১৫ মিনিটতে চীনক ভিতৰ-বাহিৰ কৰিলোহেঁতেনঃৰাহুল গান্ধী

rahul gandhi 1

এইবাৰ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভয়াতুৰ বুলি কোৱাৰ লগতে কয় যে যদি কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ থাকিলহেঁতেন তেতিয়া চীনক ১৫ মিনিটৰ ভিতৰত বাহিৰ ভিতৰ কৰিলেহেঁতেন  ৷ৰাহুল গান্ধীয়ে লগতে কয় “ভয়াতুৰ প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ মাটি কোনেও দখল কৰা নাই। কিন্তু অন্যান্য দেশৰ ভিতৰত কেৱল ভাৰততহে কোনো বেলেগ দেশে আধিপত্য বিস্তাৰ কৰি আছে ৷

অন্য এখন দেশে সীমান্তৰ ১২০০বৰ্গ কিলোমিটাৰ অধিকাৰ কৰা ভাৰত হৈছে একমাত্ৰ দেশ। প্ৰধানমন্ত্ৰী মোদীক দেশভক্ত বুলি ক’বলৈ মোৰ দুখ লাগে ৷কেনেধৰণৰ দেশভক্ত তেওঁ৷ আমাৰ চৰকাৰ কেন্দ্ৰই হোৱা হ’লে চীনক ১৫ মিনিটত বাহিৰলৈ উলিয়াই দিলোহেঁতেন।”

ৰাহুলে কয়”মই কথা দিছো যেতিয়া আমাৰ চৰকাৰ আছিল আমাৰ সীমান্তৰ ভিতৰলৈ চীনৰ আহিবলৈ সাহসেই নহ’ল।সমগ্ৰ বিশ্বত কেৱল ভাৰতকহে অন্য এখন দেশে অধিকাৰ কৰিব পাৰে ৷আৰু এইসকল লোকে নিজকে দেশভক্ত বুলি কয়। প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ কৃষকসকলৰ শক্তি বুজি পোৱা নাই।”

উল্লেখযোগ্য যে পঞ্জাৱ আৰু হাৰিয়ানাত কৃষি আইন আৰু খেতি ৰক্ষা কৰক আন্দোলনত যথেষ্ট সক্ৰিয় ৰূপত দেখা গৈছে ৰাহুল গান্ধীক। সততে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীৰ লগতে চৰকাৰখনক সমালোচনাৰ বিষয় কৰি লোৱা দেখা যায়।

ইয়াৰ মাজতে পঞ্জাৱত ৰেলী কৰা পাছত ৰাহুল গান্ধী মংগলবাৰে হাৰিয়ানাৰ অভিমুখে গমন কৰে যদিও আৰক্ষীয়ে তেওঁক বাধা দিয়ে ৷নাচোৰবান্দা ৰাহুল গান্ধীয়ে কয় যে তেওঁ ৫০০ ঘন্টা অপেক্ষা কৰিবলৈ সাজু আছে ৷অৱশ্যে কিছু সময়ৰ পাছত আৰক্ষীয়ে ৰাহুল গান্ধীৰ লগতে পাঁচখন ট্ৰেক্টৰ আৰু ১০০ জন লোকক হাৰিয়ানাত প্ৰবেশৰ অনুমতি দিয়ে।

Exit mobile version