চিৰাং আৰু বঙাইগাঁওত পৃথকে পৃথকে কংগ্ৰেছৰ ‘মৌন সত্যাগ্ৰহ’

WhatsApp Image 2020 10 07 at 6.31.18 PM

চিৰাং আৰু বঙাইগাঁও জিলা কংগ্ৰেছৰ পৃথকে পৃথকে মৌন প্ৰতিবাদ । উত্তৰ প্ৰদেশৰ হাথৰছত এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত যোগী আদিত্য নাথ চৰকাৰে ধৰ্ষিতাৰ পৰিয়ালৰ প্ৰতি অমানৱীয় আচৰণ কৰা, ধৰ্ষণকাৰীক সুৰক্ষা দিয়া আৰু উক্ত ঘটনাৰ খবৰ লবলৈ ধৰ্ষিতাৰ পৰিয়ালৰ ওচৰলৈ যোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী সহ কংগ্ৰেছৰ সাংসদ সকলক উত্তৰ প্ৰদেশ আৰক্ষীয়ে নিৰ্মম অত্যাচাৰ কৰাৰ প্ৰতিবাদত আৰু ধৰ্ষিতাৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে আজি চিৰাং জিলা কংগ্ৰেছৰ সহযোগত বড়োবাজাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত মৌন সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰে ।

ADVERTISEMENT

একেদৰে বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়তো এই কাৰ্যসূচী ৰূপায়ন কৰে । জিলা কংগ্ৰেছৰ উদ্যোগত সেৱাদল, মহিলা, কংগ্ৰেছ যুৱ কংগ্ৰেছকে ধৰি সকলো কংগ্ৰেছ কৰ্মীয়ে ভাগ লোৱা বিজনী কমলা ভৱনত মৌন সত্যাগ্ৰহ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে কংগ্ৰেছ চিৰাং জিলা কংগ্ৰেছৰ কমিটিৰ সম্পাদক অনিৰ্বাণ সেন, বড়োবাজাৰ ব্লক কংগ্ৰেছৰ সভাপতি আবু তালেপ শিকদাৰে।

Exit mobile version