ছ’চিয়েল মিডিয়াৰে সম্পৰ্ক নথকা কইনাৰ প্ৰয়োজন

WhatsApp Image 2020 10 07 at 4.19.34 PM

ঘৰৰ বোৱাৰীগৰাকীৰ সাধাৰণতে কি কি গুণ থকাৰ প্ৰয়োজন ? সকলোৱে হয়তো একে স্বৰে ক’ব যে বগা, সুন্দৰী, গৃহকর্মত তথা সম্পূৰ্ণ লক্ষ্মীৰ দৰে । ঘটক প্ৰতিষ্ঠান তথা বাতৰি কাকতৰ বিজ্ঞাপনতো গৃহলক্ষ্মীগৰাকীৰ এনে গুনতে গুৰুত্ব দিয়া হয় । অৱশ্যে বোৱাৰী এগৰাকীৰ গুণক লৈ বিতৰ্ক থকাটো স্বাভাৱিক । কিন্তু শেহতীয়াকৈ প্ৰকাশ হোৱা এক বিজ্ঞাপনত পাত্ৰই কইনাৰ মাজত বিচাৰিছে সম্পূৰ্ণ ভিন্ন গুণ ।

বিজ্ঞাপনটো দিছে হুগলিৰ কামাৰপুখুৰীৰ বাসিন্দা ৩৭বছৰ বয়সীয়া এজন অধিবক্তাই । ব্যতিক্ৰমী বিজ্ঞাপনটোত লিখা হৈছে এইদৰে- ‘মদ্যপানৰ অভ্যাস নাই । উচ্চ ন্যায়ালয়ৰ অধিবক্তা । নিজৰ এখন গাড়ী আছে। পিতৃ-মাতৃ জীৱিত । কামাৰপুখুৰী গাঁৱত ঘৰ । বগা, সুন্দৰী, দীৰ্ঘ কইনাৰ প্ৰয়োজন নাই । প্ৰয়োজন মাত্ৰ এটাই । কইনা ছ’চিয়েল মিডিয়াৰ প্ৰতি আকৃষ্ট হ’ব নালাগিব ।’  বিজ্ঞাপনটো টুইট কৰিছে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া নীতিন চেংৱানে ।

বৰ্তমান যুগত পাত্ৰৰ মনৰ মানুহগৰাকীৰ সন্ধানত হোৱা পৰিৱৰ্তনক লৈ বিজ্ঞাপনটো ‘শ্বেয়াৰ’ কৰাৰ কথা জনাইছে বিষয়াজনে । এই টুইট ক্ষন্তেকতে ভাইৰেল হৈ পৰে । বহুজনেই বিষয়াজনৰ স’তে সহমত ব্যক্ত কৰি মন্তব্য কৰে যে সঁচাকৈয়ে পাত্ৰৰ মানসিকতাৰ পৰিৱৰ্তন হৈছে; কিন্তু এই বিজ্ঞাপনটোক লৈ ছ’চিয়েল মিডিয়াত বহুজনে তীব্ৰ উষ্মাও ব্যক্ত কৰিছে ।

Exit mobile version