ৰাজ্যিক নির্বাচন আয়ােগক বিটিচিৰ নির্বাচন ডিচেম্বৰ মাহত অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনােৱাৰ সিদ্ধান্ত গ্রহণ কৰে।
- ষষ্ঠ অনুসূচীৰ এলেকাৰ বাহিৰৰ বড়াে জনবসতিপ্রধান গাঁওসমূহক সামৰি বড়াে কছাৰী ৱেলফেয়াৰ অটন’মাছ কাউন্সিল গঠনৰ অধ্যাদেশত মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমােদন জনায়।
- অসমত বড়াে ভাষাক সহযােগী চৰকাৰী ভাষা হিচাপে অধ্যাদেশৰ জৰিয়তে স্বীকৃত কৰাৰ সিদ্ধান্ত গ্রহণ ।
- বিটিআৰ কর্তৃপক্ষক অঞ্চলটোৰ নাম ফলকসমূহত বড়াে আৰু ইংৰাজী ভাষাৰ লগতে অসমীয়া ভাষা প্রয়ােগ কৰাৰ ব্যৱস্থা ল’বলৈ অনুৰােধ জনায়।
- অসম চৰকাৰৰ বিভাগসমূহৰ নিযুক্তিৰ কোনাে পৰীক্ষাতে ব্যক্তিগত সংস্থাক নিয়ােজিত নকৰাৰ সিদ্ধান্ত গ্রহণ ।
- এই ক্ষেত্ৰত বিভাগসমূহে নিজাববীয়াকৈ অথবা ৰাজ্যিক বা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ জৰিয়তে এই নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব।
- চাহ বাগিচা কর্তৃপক্ষৰ দ্বাৰা পৰিচালিত ৪২৮ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দে বর্ডিং আৰু বিনামূলীয়া ইউনিফর্ম যােগানৰ সিদ্ধান্ত গ্রহণ ।
- ৰাজ্যৰ উন্নয়ন পৰিষদৰ সদস্যৰ সংখ্যা ন্যূনতম ২৫ ৰ পৰা সর্বোচ্চ ৪৫ লৈ বৃদ্ধিৰ অনুমােদন ।
- মাজুলীত বন বিভাগৰ দুটা নতুন ৰেঞ্জ আৰু চাৰিটা বীট অফিচ স্থাপনৰ সিদ্ধান্ত ।
- গাঁওবুঢ়াসকলৰ পাৰিতােষিক ২০২০ চনৰ পহিলা এপ্রিলৰ পৰা কাৰ্যকৰী হােৱাকৈ ৬৫০০ টকাৰ
পৰা ৯০০০ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত । - অসম লােকসেৱা আয়ােগৰ দ্বাৰা আয়ােজিত সংযুক্ত অসামৰিক সেৱাৰ পৰীক্ষাত অসমীয়া, বঙালী
অথবা বড়াে ভাষাৰ মাধ্যমত শিক্ষা গ্রহণ নকৰা বৰাক উপত্যকাৰ ছাত্র-ছাত্রীসকলক ভাষাৰ বাধ্যতামূলক পৰীক্ষাত অৱতীৰ্ণ হােৱাৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত । - আছাম টী প্লেন্টেশ্যনছ প্রভিডেন্ট ফাণ্ড স্কীমৰ অধীনত নিশ্চিত লাভালাভ বৰ্তমানৰ ১ লাখ টকাৰ পৰা ২ লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ ।
- অসম চৰকাৰৰ মহাধিবক্তাক কেবিনেট মর্যাদা প্রদানৰ বাবে সিদ্ধান্ত গ্রহণ ।
- বিস্তাৰিত কনকলতা মহিলা সৱলীকৰণ যােজনাৰ অধীনত যােগ্য মহিলা আত্ম-সহায়ক গােটসমূহলৈ
৫০ হাজাৰ টকাৰ মূলধনী ৰাজ্যসাহায্য প্রদানৰ সিদ্ধান্ত । - অসম লােকসেৱা আয়ােগত মহিলা সদস্যৰ সংখ্যাৰ ক্ষেত্ৰত থকা সীমাৱদ্ধতা দূৰীকৰণৰ বাবে আয়ােগৰ নিয়মাৱলী সংশােধনত অনুমােদন জনায়।
- ৪৫৩৪ গৰাকী অনিয়মীয়া শিক্ষকৰ পদ নিয়মীয়াকৰণৰ সিদ্ধান্ত ।
- আমিনগাঁৱত ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ আঞ্চলিক কেন্দ্র স্থাপনৰ বাবে ৩০ বিঘা চৰকাৰী ভূমি আৱণ্টনৰ সিদ্ধান্ত ।
- অসম চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান আছাম হাইড্রকার্বন এণ্ড এনার্জী কোম্পানীক অইল ইণ্ডিয়া লিমিটেডক আৱণ্টন দিয়া নামৰূপৰ এখন তৈল ক্ষেত্ৰত তেল নিষ্কাষণ আৰু উৎপাদনৰ দিশত প্রায় ৩০ কোটি টকা ব্যয়ৰে ১০ শতাংশ ইকুইটিত অংশ লােৱাৰ বাবে অনুমােদন ।