আৰক্ষীলৈ চিঠি লিখিলে হাথৰছৰ মূল অভিযুক্তই

WhatsApp Image 2020 10 08 at 2.39.07 PM

হাথৰছৰ দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্ত সন্দীপ ঠাকুৰে উত্তৰ প্ৰদেশ আৰক্ষীক এখন পত্ৰ প্ৰেৰণ কৰি দাবী কৰে তেওঁক আৰু অন্য তিনিজনক এই বিষয়টোত জানি বুজি দোষী সাব্যস্ত কৰা হৈছে। সন্দীপে পীড়িতাৰ মাতৃ আৰু ভ্ৰাতৃকহে ওলোটাই দোষী সাব্যস্ত কৰে।লগতে সন্দীপে আৰক্ষীলৈ দিয়া পত্ৰখনত সকলো অভিযুক্তৰ কাৰণে ন্যায়ৰ দাবী কৰে ।

উল্লেখযোগ্য যে যোৱা ১৪ ছেপ্টেম্বৰত হাথৰছত এগৰাকী যুৱতীক চাৰিজন যুৱকে পথাৰৰ পৰা অপহৰণ কৰি নি দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে পীড়িতাৰ শাৰীৰিকভাৱে পৈশাচিক নিৰ্যাতন চলাইছিল আৰু ইয়াৰ পৰিণতিত ১৫ দিন পাছত পীড়িতাৰ মৃত্যু হৈছিল ৷এই ঘটনাক লৈ সম্প্ৰতি সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

ইয়াৰ মাজতে কাৰাগাৰত আৱদ্ধ সন্দীপে ঠাকুৰে হাথৰছ আৰক্ষীৰ আৰক্ষীলৈ চিঠি লিখি দাবী কৰে যে তেওঁ পীড়িতাৰ বন্ধু আছিল। তেওঁলোকে কেতিয়াবা ফোনতো কথাও পাতিছিল ।

আনহাতে পীড়িতাৰ পৰিয়ালে চাৰিজন অভিযুক্তৰ এজনক আগৰে পৰাই জানিছিল ৷উত্তৰ প্ৰদেশ আৰক্ষীৰ মতে পীড়িতাৰ ভাতৃয়ে সন্দীপৰ লগত ভাল সম্পৰ্ক আছিল। দুয়োজনৰে মাজত বিগত বৰ্ষৰ অক্টোবৰৰ পৰা চলিত বৰ্ষৰ মাৰ্চলৈকে প্ৰায় ১৪ বাৰ ফোনত কথা বতৰা হৈছিল। গতিকে এই সকলোবোৰ কথাৰ ওপৰত ভিত্তি কৰি সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version