তবলিগী জামাতৰ লগত জড়িত আবেদনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক কটাক্ষ উচ্চতম ন্যায়ালয়ৰ

supreme court

উচ্চতম ন্যায়ালয়ে তবলিগী জামাতৰ ছবি বিকৃত কৰাৰ সন্দৰ্ভত দিয়া শুনানিত কেন্দ্ৰীয় চৰকাৰক আবেদন নকৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে  । মুখ্য ন্যায়াধীশ এচ ব’বডেই আজি কয় যে মত প্ৰকাশৰ অধিকাৰক বিগত কিছু দিন ধৰি সকলোতকৈ অধিক অপব্যৱহাৰ কৰা হৈছে । উচ্চতম ন্যায়ালয়ে এজন কনিষ্ঠ অধিবক্তাই আবেদন দাখিল কৰাক লৈ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰে ৷

মুখ্য ন্যায়াধীশ এছ ব’বডে কয় যে আপোনালোকে আদালতৰ লগত যিকোনো ব্যৱহাৰ কৰিব নোৱাৰে ৷ কনিষ্ঠ অধিবক্তা গৰাকীয়ে আবেদন কৰিছে ৷ আবেদনখনত ব্যৱহৃত শব্দই হিংসা বিয়পাইছে ৷ গতিকে উচ্চতম ন্যায়ালয়ে পুনৰ নতুনকৈ অভিব্যক্তি আৰু আৱশ্যকীয় কথাৰে আবেদন কৰিবলৈ আহ্বান কৰে । লগতে এই সন্দৰ্ভত দুসপ্তাহৰ পাছত হ’ব শুনানি । বিগত সপ্তাহত উচ্চতম ন্যায়ালয়ে কৈছিল দেশৰ জনসাধাৰণক আইন আৰু আৰ্থিক অৱস্থাক লৈ উত্তপ্ত হ’বলৈ দিব নালাগে ।

উচ্চতম ন্যায়ালয়ে লগতে সংবাদ মাধ্যমৰ ওপৰত তীক্ষ্ণবাণ নিক্ষেপ কৰে ৷ আবেদনত উল্লেখ আছে যে সংবাদ মাধ্যমে দায়িত্বহীন ভাবে কাম কৰিছে ৷ সংবাদমাধ্যমে দেখাইছে যে কৰ’নাত ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি কৰাত মুছলমান লোকসকলেহে সংক্ৰিয় ভূমিকা পালন কৰিছে । গতিকে সংবাদমাধ্যম আৰু ছ’ছিয়েল মিডিয়াৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিব লাগে ।

Exit mobile version