উচ্চতম ন্যায়ালয়ে তবলিগী জামাতৰ ছবি বিকৃত কৰাৰ সন্দৰ্ভত দিয়া শুনানিত কেন্দ্ৰীয় চৰকাৰক আবেদন নকৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । মুখ্য ন্যায়াধীশ এচ ব’বডেই আজি কয় যে মত প্ৰকাশৰ অধিকাৰক বিগত কিছু দিন ধৰি সকলোতকৈ অধিক অপব্যৱহাৰ কৰা হৈছে । উচ্চতম ন্যায়ালয়ে এজন কনিষ্ঠ অধিবক্তাই আবেদন দাখিল কৰাক লৈ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰে ৷
মুখ্য ন্যায়াধীশ এছ ব’বডে কয় যে আপোনালোকে আদালতৰ লগত যিকোনো ব্যৱহাৰ কৰিব নোৱাৰে ৷ কনিষ্ঠ অধিবক্তা গৰাকীয়ে আবেদন কৰিছে ৷ আবেদনখনত ব্যৱহৃত শব্দই হিংসা বিয়পাইছে ৷ গতিকে উচ্চতম ন্যায়ালয়ে পুনৰ নতুনকৈ অভিব্যক্তি আৰু আৱশ্যকীয় কথাৰে আবেদন কৰিবলৈ আহ্বান কৰে । লগতে এই সন্দৰ্ভত দুসপ্তাহৰ পাছত হ’ব শুনানি । বিগত সপ্তাহত উচ্চতম ন্যায়ালয়ে কৈছিল দেশৰ জনসাধাৰণক আইন আৰু আৰ্থিক অৱস্থাক লৈ উত্তপ্ত হ’বলৈ দিব নালাগে ।
উচ্চতম ন্যায়ালয়ে লগতে সংবাদ মাধ্যমৰ ওপৰত তীক্ষ্ণবাণ নিক্ষেপ কৰে ৷ আবেদনত উল্লেখ আছে যে সংবাদ মাধ্যমে দায়িত্বহীন ভাবে কাম কৰিছে ৷ সংবাদমাধ্যমে দেখাইছে যে কৰ’নাত ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি কৰাত মুছলমান লোকসকলেহে সংক্ৰিয় ভূমিকা পালন কৰিছে । গতিকে সংবাদমাধ্যম আৰু ছ’ছিয়েল মিডিয়াৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিব লাগে ।