ভূটান সীমান্তৰ গুৱাবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ : এজনক আটক

Screenshot 20201008 173853 Video Player 1

ক’ভিড ১৯ৰ ভয়াবহ সংক্ৰমণৰ ফলত ৰাজ্যজুৰি চলি থকা তলাবন্ধৰ মাজতে একাংশ অসাধু লোকে আৰক্ষী আৰু আবকাৰী বিভাগৰ চকুত ধূলি দি অব্যাহত ৰাখিছে নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় ৷ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰীত আজি নাগ্ৰীজুলি আৰক্ষী আৰু এছএছবিয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে এ এছ-১২ কে-২৮৭৮ নম্বৰৰ এখন চাৰি চকীয়া বাহন সহ কৃষ্ণ বসুমতাৰী নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ।

নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাস মালাকৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে আজি এক গোপন সূত্ৰৰ পৰা আৰক্ষীয়ে ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰী অঞ্চলত এখন গাড়ীৰে বৃহৎ পৰিমাণৰ গাঞ্জা লৈ অহাৰ খবৰ লাভ কৰিছিল ।

সেই খবৰৰ ভিত্তিত নাগ্ৰীজুলি আৰক্ষীয়ে গুৱাবাৰীৰ এছএছবিৰ স’তে গুৱাবাৰীৰ এক ভিতৰুৱা অঞ্চলত অভিযান চলাই গোবিন্দ বসনেট নামৰ এটা পৰিয়ালৰ ঘৰৰ চোতালত থকা বাহন খনৰ পৰা প্ৰায় ৯ কিলোঁ ৫০০ গ্ৰাম গাঞ্জাসহ চাৰি চকীয়া বাহনখন জব্দ কৰে আৰু কৃষ্ণ বসুমতাৰী নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে কৃষ্ণ বসুমতাৰীৰ ঘৰ ওদালগুৰি জিলাৰ কুৰুৱাবাহীত। বৰ্তমান আটকাধীন যুৱক জনক নাগ্ৰীজুলি আৰক্ষী চকীত আৰক্ষীয়ে জেৰা চলাই আছে। গাঞ্জা ব্যৱসায়ৰ স’তে আৰু অধিক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । কৃষ্ণ বসুমতাৰীৰ জেৰাৰ অন্তত আৰু অধিক লোক আৰক্ষীৰ হাতত আটক হোৱাৰ সম্ভাৱনা আছে ।

Exit mobile version