যদি ট্ৰাম্পে ভেকচিন লোৱাৰ বিষয়ে কয় তেন্তে মই ভেকচিন গ্ৰহণ নকৰো” : কমলা হেৰিছ

kamala harris vp debate gty img

1228948863

সম্প্ৰতি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ডেমক্ৰেটিক পাৰ্টিৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছ চৰ্চাত আছে । বুধবাৰে ডেমক্ৰেটিক পাৰ্টিৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছ আৰু উপ-ৰাষ্ট্ৰপতি মাইক পেনছৰ মাজত এক বিতৰ্ক অনুষ্ঠিত হৈছিল ।

বিতৰ্কত কমলা হেৰিছে কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি প্ৰশাসনৰ কোনো চৰকাৰে কেতিয়াও ইমান ব্যৰ্থ হোৱা নাই, সেয়া আমেৰিকাৰ জনসাধাৰণে ইতিমধ্যে প্রত্যক্ষ কৰিছে । যিসময়ত দেশখনত ২,১০,০০০ লোকৰ মৃত্যু হৈছে, সেইসময়ত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

আনহাতে, কৰ’নাৰ প্ৰসংগত হেৰিছে কয় যে, যদি জনস্বাস্হ্যকর্মী বা চিকিৎসকে ভেকচিন গ্রহণৰ পৰামৰ্শ দিয়ে তেন্তে মই নিশ্চিতভাৱে এইক্ষেত্ৰত আগত থাকিম। কিন্তু ডনাল্ড ট্ৰাম্পে যদি কয়, তেন্তে মই গ্ৰহণ নকৰো।

উল্লেখ্য যে, বর্ণবৈষম্যক লৈ উত্তপ্ত পৰিস্থিতিৰ মাজতে মার্কিন উপ-ৰাষ্ট্ৰপতি পদৰ প্রার্থী হিচাপে কমলা হেৰিছক নিৰ্বাচন কৰিছে ৰাষ্ট্ৰপতি পদৰ প্রার্থী জ’ বাইডেনে । আনহাতে, প্রথমবাৰৰ বাবে কোনো অ-শ্বেতাঙ্গ মহিলা এই পদৰ বাবে মনোনীত হৈছে, যিটো মার্কিন ইতিহাসত নজিৰবিহীন । কমলাই প্রথম এছীয়-আমেৰিকান মহিলা যাক এই পদৰ বাবে মনোনীত কৰা হয় ।

Exit mobile version