১৪ হেজাৰ ফুট উচ্চতাৰ পৰা জঁপিয়াই অজানিতে গীণিজ অভিলেখ শতায়ু গৰকা ব্যক্তিৰ

WhatsApp Image 2020 10 08 at 8.26.33 PM

নাতিৰ সফলতাৰ আনন্দতে জাঁপ দিছিল অনন্ত আকাশৰ পৰা।কিন্তু নিজৰ অজানিতেই অভিলেখৰ পৃষ্ঠাত নাম সন্নিবিষ্ট কৰিলে এজন শতায়ু গৰকা বৃদ্ধই।১০৩ বছৰ বয়সত প্ৰায় অসাধ্য সাধন কৰি গীণিজ বিশ্ব অভিলেখ প্ৰতিষ্ঠা কৰিলে আমেৰিকাৰ টেক্সাছৰ আলফ্ৰেড ‘আল’ ব্লাছখে নামৰ  সাহসী বৃদ্ধজনে।

শতাযূ গৰকা সত্বেও আকাশত উৰাৰ সাহস দেখুৱাবলৈ সক্ষম হ’ল ব্লাছখেয়ে ।১০৩ বছৰ ১৮১দিন বয়সীয়া ব্লাছখেয়ে ১৪ হেজাৰ ফুট উচ্চতাত চলন্ত বিমানৰ পৰা জাঁপ দি পেৰাশ্বু‍্যটৰ সহায়ত নিৰ্বিঘ্নে মাটিলৈ নামি আহিবলৈ সক্ষম হয় ।স্কাইডাইভ স্পেচলেণ্ডৰ মেনেজাৰ থমাছ হিউজে এই কথা নিশ্চিত কৰাৰ পাছতে বৃদ্ধৰ নাম গীণিজ বুকত অন্তৰ্ভুক্ত হয়।

উল্লেখ্য যে বিমানৰ পৰা জাঁপ দিয়াৰ পাছত ছহেজাৰ ফুট উচ্চতালৈকে ব্লাছখেয়ে পেৰাশ্বু‍্যট নোখোলাকৈ মুক্তভাৱে প্ৰতি ঘণ্টাত ১২০ মাইল গতিবেগত তললৈ নামি আহিছিল।তথাপি কোনো সময়তে তেওঁৰ হৃদয় কঁপি উঠা নাছিল।অৱশ্যে ব্লাছখেক এই কাৰ্যত সাহায‍্য কৰিবলৈ আৰু সুৰক্ষিত ৰূপে মাটিত অৱতৰণ কৰোৱাৰ বাবে তেওঁৰ লগত সহযোগী আছিল স্কাইডাইভৰ প্ৰশিক্ষিত নিৰ্দেশক ডন কেমেৰ’ণ।

উল্লেখ্য যে বিশ্ব অভিলেখ প্ৰতিষ্ঠাৰ লক্ষ্যৰে ব্লাছখেয়ে স্কাইডাইভ কৰা নাছিল ।নিজৰ এশ বছৰীয়া জন্মদিনতো তেওঁ স্কাইডাইভ কৰিছিল।তেতিয়াই বৃদ্ধ জনে ঘোষণা কৰিছিল যে তেওঁৰ মৰমৰ যমজ নাতি কেভিন আৰু জেছনে স্নাতক ডিগ্ৰী লাভ কৰিলে মনৰ আনন্দতে পুনৰ স্কাইডাইভ কৰিব অলপতে দুই নাতি স্নাতক হয় ।সেয়ে প্ৰতিশ্ৰুতি পূৰণৰ বাবেই বৃদ্ধজনে এই অসাধ্য সাধন কৰে ।

Exit mobile version