২০২১ ৰ ফ্ৰেব্ৰুৱাৰীৰ অন্তিম সপ্তাহৰ পৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাঃঘোষণা শিক্ষা সংসদৰ

ahsec pic

 

ক ৰ’না মহামাৰীৰ মাজতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ জাননী জাৰি কৰিছে ৷

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিছে যে, ২০২১ৰ ফ্ৰেব্ৰুৱাৰীৰ অন্তিম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব ।

চলিত বৰ্ষৰ ১নবেম্বৰৰ পৰা শিক্ষাৰ্থীসকলে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব ৷

আনহাতে, ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত শিক্ষাৰ্থীসকলে প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব ।

১৫ ডিচেম্বৰৰ ভিতৰত শিক্ষা সংসদত শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীয়ে ষ্টেটমেন্ট, মাচুলৰ চালান আদিৰ হাৰ্ড কপীসমূহ জমা দিব লাগিব৷

লগতে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে শিক্ষানুষ্ঠানসমূহক এই অনলাইন প্ৰ পত্ৰ পূৰণ প্ৰক্ৰিয়াৰ পৰা যাতে কোনো শিক্ষাৰ্থী বাদ নপৰে তাৰ প্ৰতি দৃষ্টি ৰখাৰ বাবে আহ্বান জনাইছে।

Exit mobile version