JEE Advance পৰীক্ষাৰ ফলাফলত স্থান লাভ কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাবী ছাত্ৰ কৰণ উপাধ্যায়ে

WhatsApp Image 2020 10 08 at 7.48.43 PM

অসমলৈ তথা পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙলৈ এইবাৰ গৌৰৱ কঢ়িয়াই আনিলে আজমল ছুপাৰ ৪০ৰ কৃতি তথা মেধাবী ছাত্ৰ কৰণ উপাধ্যায়ে। পশ্চিম কাৰ্বি আংলঙৰ পিছপৰা মাইলুৰ বাসিন্দা তথা আজমল চুপাৰ ৪০ ৰ কৃতি ছাত্ৰ হৈছে কৰণ উপাধ্যায়।

জে ই ই এডভান্স (JEE ADVANCE) পৰীক্ষাত অৱতীৰ্ণ হৈ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে ৫৭১৪ নম্বৰ স্থান দখল কৰাৰ লগতে ৫৭১ EWS ৰেঙ্ক দখল কৰিবলৈ সক্ষম হয় কৰণ উপাধ্যায়ে। উল্লেখযোগ্য যে চলিত বৰ্ষত আজমল ছুপাৰ ৪০ ৰ পৰা ২৭ গৰাকী পৰীক্ষাৰ্থী JEE MAINS ৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও ইয়াৰে ১৮ গৰাকী উত্তীৰ্ন হৈ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে JEE MAINS ৰ প্ৰৱেশ পৰীক্ষাত কৰণ উপাধ্যায়ে ৯৮.৮৯% নম্বৰ লাভ কৰি স্থান দখল কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত মেধাবী ছাত্ৰ কৰণ উপাধ্যায়ৰ এই ফলাফলক লৈ উৎফুলিত হৈ পৰিছে আজমল ফাউণ্ডেচনৰ কৰ্তৃপক্ষৰ লগতে অভিভাৱক আৰু অঞ্চলবাসী। আজমল ছুপাৰ ৪০ ক গৌৰাম্বিত কৰা ছাত্ৰ কৰণ উপাধ্যায়ক আজমল ফাউণ্ডেচনৰ সঞ্চালক খজৰুল ইছলামসহ এটা সজাতি দলে কৃতি ছাত্ৰ গৰাকীৰ ঘৰত উপস্থিত হৈ ছাত্ৰ গৰাকীক জাপি-গামোচা আদিৰে বিপুল সম্বৰ্ধনা জনায়।

Exit mobile version