ঢেকিয়াজুলিত আঙুলিৰ নখত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকনেৰে অসম বুক অৱ ৰেকৰ্ডৰ খিতাপ চন্দনজ্যোতিৰ

IMG 20201008 WA0073 1

শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰৰ ব্যতিক্ৰমী শিল্পকলাই বিশেষ চৰ্চা লাভ কৰিছে ৷ ইতিমধ্যে ছাত্ৰ জনৰ ব্যতিক্ৰমী শিল্প কৰ্মই অসম বুক অৱ ৰেকৰ্ডৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷ ছাত্ৰ জনৰ হাতৰ আঙুলিৰ নখত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ ক্ষুদ্ৰ আকৃতিৰ প্ৰতিচ্ছবি অংকন কৰি অসম বুক অৱ ৰেকৰ্ডৰ খিতাপ দখল কৰিছে ঢেকিয়াজুলিৰ নাৰেংকাটিৰ চন্দনজ্যোতি শৰ্মাই ৷

শিল্পকৰ্মত জড়িত চন্দনজ্যোতি শৰ্মাই শেহতীয়াকৈ হাতৰ আঙুলিৰ নখত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকনৰে এই খিতাপ দখল কৰিবলৈ সক্ষম হৈছেয় ৷ ইমানেই নহয় ওলোটাকৈ যিকোনো ছবি আঁকি ব্যতিক্ৰমী শিল্পীৰ পৰিচয় দাঙি ধৰা চন্দনজ্যোতিয়ে পেলনীয়া কাগজৰে আটকধুনীয়াকৈ মুখা নিৰ্মাণ কৰাৰ উপৰিও আপোনাক বা মোক সন্মুখত থিয় কৰাই মাত্ৰ ১৫ মিনিট সময়ৰ ভিতৰত আঁকি দিব পাৰে হুবহু ছবি ।

ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত স্নাতকত অধ্যয়নৰত নাৰেংকাটি গাওঁৰ চন্দনজ্যোতি শৰ্মাই ইয়াৰ উপৰিও বিভিন্ন বাদ্যযন্ত্ৰৰ ভিতৰত দুতাৰা, বাঁহী, মুখা ইত্যাদি নিজে তৈয়াৰ কৰি এই সমূহ বিক্ৰী কৰি উপাৰ্জনৰ পথ বাছি লৈছে । চন্দনজ্যোতিয়ে নিজ হাতেৰে তৈয়াৰ কৰা দুতাৰা, বাঁহী আদি বাদ্যযন্ত্ৰ সমূহ বিক্ৰী কৰি অধ্যয়নৰ খৰছ উলিয়াইছে ।

দুতাৰা, বাঁহী তৈয়াৰতে সীমাবদ্ধ নাথাকি চন্দনজ্যোতিয়ে দুতাৰা, বাঁহী বজাই সকলোকে মুহিব পাৰে ৷ দৰিদ্ৰ পৰিয়ালৰ এইজন ছাত্ৰই সীমিত সুবিধাৰ মাজেৰে সৃষ্টিৰ সাধনাত ব্ৰতী হৈ শিল্প কৰ্মৰ দ্বাৰা ন-ন সৃষ্টি কৰি আহিছে যদিও প্ৰচাৰ আৰু প্ৰসাৰৰ পৰা বিমূখ হোৱাত উপযুক্ত সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। চন্দনজ্যোতি শৰ্মাই তেওঁৰ ব্যতিক্ৰমী শিল্প কৰ্মৰে অসম বুক অৱ ৰেকৰ্ডৰ খিতাপ দখল কৰাত আজি অঞ্চলবাসী গৌৰাৱাম্বিত ৷

ইপিনে চন্দনজ্যোতিয়ে এতিয়া ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ আন এক প্ৰস্তুতি চলাইছে। হাত দুখন বান্ধি আৰু চকু দুয়োটা বন্ধ কৰি মূৰৰ চুলিৰে ছৱি অংকনৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড সৃষ্টি কৰাৰ বাবে অভ্যাস কৰি আহিছে ৷ আগন্তুক দুমাহৰ ভিতৰত সেয়াও সম্পন্ন কৰিব বুলি জানিবলৈ দিয়ে তেওঁ ।

Exit mobile version