দীপৰ বিলক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণত গুৰুত্ব আৰোপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ

WhatsApp Image 2020 10 09 at 6.31.49 PM

“আন্তৰ্জাতিক পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান লাভ কৰা দীপৰ বিলৰ অধিক সৌন্দৰ্যবৰ্দ্ধন কৰি পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীত কৰাৰ বাবে বহুতো আঁচনি গ্ৰহণ কৰা হৈছে । আনকি ২০১৯ চনত ৰাজ্য চৰকাৰৰ চিগনেছাৰ আঁচনিৰ জৰিয়তে দীপৰ বিলৰ বাবে অসম পৰ্যটন উন্নয়ন নিগমলৈ ১০ কৌটি টকাৰ অনুদান আগবঢ়োৱা হৈছিল । কিন্তু বন বিভাগৰ বিধি-পথালিৰ বাবে এই পর্যন্ত আঁচনিখন অনুমোদন হৈ যোৱাৰ পিছত ৰূপায়ণ কৰিব পৰা হোৱা নাই।” এই মন্তব্য পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ।

আজি গড়চুক চাৰিআলিত গঁড়চুক-আজাৰা পাটগাঁও পথৰ নলা সহিতে পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ভাগ লৈ বিধায়ক কলিতাই এইদৰে বন বিভাগৰ বিৰুদ্ধে আক্ষেপ প্ৰকাশ কৰে।

বিধায়ক কলিতাই কয় পুনৰ কয়, “২০১৬ চনত মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছত পশ্চিম গুৱাহাটীৰ অঞ্চলৰ দৰে দীপৰ বিলক কেন্দ্ৰ কৰি গড়চুক , লখৰা , পামহী , চকৰদৌকে ধৰি বৃহত্তৰ অঞ্চলটোৰ উন্নয়নৰ বাবে বহু আঁচনি গ্ৰহণ কৰা হৈছিল ।  ইয়াৰ অংশ হিচাপে বৰ্তমান বহুখিনি বিধ্বস্ত হৈ পৰা ১৪ কিঃমিঃ দৈৰ্ঘ্যৰ গড়চুক-আজাৰা পাটগাঁও সংযোগী পথচোৱা নলা সহিতে পুনৰনিৰ্মানৰ বাবে ১০ কোটিৰো অধিক ধন আবন্টন দিয়া হৈছে।”

ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবেহে কাম আৰম্ভ কৰাত কিছু পলম হোৱা বুলি ব্যক্ত কৰি বিধায়ক কলিতাই নলা নিৰ্মাণ কৰোতে ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনায়।

Exit mobile version