দৰং জিলাত উদ্বেগজনক পৰিস্থিতি

3coronavirus 82

দৰং জিলাৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ শৰীৰত সম্প্ৰতি মাৰাত্মক ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰা ঘটনাই উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে ৰাজ্যৰ আন জিলাৰ দৰে দৰঙতো যোৱা ২১ ছেপ্টেম্বৰৰ পৰা নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ অনানুষ্ঠানিকভাৱে পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ সেইমতে চৰকাৰী পক্ষই বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী সকলৰ কৰ’না পৰীক্ষাৰ ব্যৱস্থা ল’ব বুলি ঘোষণা কৰিছিল ৷

ইয়াৰ মাজতে দৰঙৰ চৰকাৰী খণ্ডৰ ১৫১ খন মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ ভিতৰত কিছু সংখ্যক বিদ্যালয়ত এই পৰীক্ষা সম্পন্ন হৈছে আৰু ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈ থকাৰ তথ্য পোহৰলৈ আহিছে ৷ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেৱল দ্বাদশ শ্ৰেণীৰ ৪৫ গৰাকী শিক্ষাৰ্থীৰ মাজত কৰা পৰীক্ষাত এজনৰ শৰীৰত ক’ভিডৰ উপস্থিতিি ধৰা পৰে ৷ ফলত এসপ্তাহৰ বাবে বিদ্যালয় পুনৰ বন্ধ দিবলগীয়া হয় ৷

একেদৰে কলাইগাঁৱৰ সমীপৰ টেঙাবাৰী জনতা হাইস্কুলৰ ছয়জনকৈ শিক্ষাৰ্থীৰ শৰীৰত ধৰা পৰে এইবিধ ভাইৰাছ ৷ একেদৰে ছিপাঝাৰ বহুমুখী উচ্চতৰ মাধ্যমিক, দলগাঁও উচ্চতৰ মাধ্যমিক, খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক, মঙলদৈ টাউন হাইস্কুল, ৰঙামাটি পাব্লিক হাইস্কুল, দুমুনীচকী বালিকা হাইস্কুল, পাথৰিঘাট হাই মাদ্ৰাছা, মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো পৰীক্ষা সম্পন্ন কৰা একাংশ ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে ৷ আজি পৰীক্ষা কৰা মঙলদৈ বিদ্যাপীঠ হাইস্কুলৰো এজন ছাত্ৰৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে ৷

শনিবাৰে মঙলদৈ চহৰৰ ব্ৰিলিয়াণ্ট একাডেমী, দৰং একাডেমী আদিত এই পৰীক্ষা চলোৱাৰ কথা ৷ আনহাতে দৰঙত আজি ২০ দিনৰ পাছতো চৰকাৰী আৰু বেচৰকাৰী উভয় খণ্ডৰ প্ৰায় ৭০ শতাংশ বিদ্যালয়তে এই পৰীক্ষা সম্পন্ন নোহোৱাত গভীৰ অনিশ্চয়তাত ভূগি আছে শিক্ষক আৰু অভিভাৱক সমাজ ৷ বহু বিদ্যালয়ৰ মুৰব্বীয়ে স্বাস্থ্য বিভাগে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱা বুলি অভিযোগ কৰিছে ৷

Exit mobile version