মৰিয়নিত আইপিএলৰ জুৱা চক্ৰ উৎখাত

WhatsApp Image 2020 10 09 at 6.23.01 PM

আই পি এলক লৈ অন্যান্য ঠাইৰ লগতে মৰিয়নিতো ব্যাপক জুৱাৰ বেহা চলি থকা পৰিলক্ষিত হৈছে । মৰিয়নি নগৰৰ বিভিন্ন ঠাইৰ উপৰিও ইয়াৰ উপকণ্ঠ আৰু পাৰ্শ্বৱৰ্তী অঞ্চল সমূহতো ব্যাপক হাৰত আই পি এলৰ জুৱা চলি আছে । মৰিয়নি নগৰৰ দৈনিক বজাৰ, গান্ধী নগৰ, উদয়পুৰ, ষ্টেচন ৰ’ড, ৰে’লৱে পাৱাৰ হাউচ কলনি, লাষ্ট বিল্ডিং, কেনেডী পাৰ্ক আদি অঞ্চলৰ লগতে পাৰ্শ্বৱৰ্তী নিউ সোনোৱাল, নগাধূলী, খৰিকটিয়া, ডকলঙ্গীয়া, দেবেৰাপাৰ আদি অঞ্চলতো ব্যাপক হাৰত এই আইপিএলৰ জুৱা প্ৰচলিত হৈ আছে ।

সমান্তৰালভাৱে কাটনিবাৰী, হোনোৱাল, শিলিখা, কঠালগুৰি, দিহিঙীয়াপাৰ আদি চাহ বাগিচাত পূৰ্ণোদ্যমে আই পি এলৰ জুৱা চলি আছে । সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসমৰ মৰিয়নি আঞ্চলিক সমিতি, আটছা আদিয়ে এই আইপিএলৰ জুৱা বন্ধ কৰিবলৈ মৰিয়নি আৰক্ষীক স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও কাৰ্য্যত একোৱেই নহ’ল । মৰিয়নি আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

ইয়াৰ বিপৰীতে বৃহস্পতিবাৰে ৰাতি যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মৰিয়নিত আই পি এল জুৱা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই একাধিক জুৱাৰী চক্ৰক উৎখাত কৰিবলৈ সক্ষম হয় । মৰিয়নিৰ আৰক্ষীৰ নাকৰ তলতে চলি থকা এই আই পি এল জুৱাৰ বিৰুদ্ধে অভিযানৰ বিষয়ে প্ৰথম অৱস্থাত মৰিয়নি আৰক্ষীয়ে গমকে নাপালে । পিছত অৱশ্যে মৰিয়নি আৰক্ষীয়েও সহযোগ কৰে ।

আৰক্ষীৰ দলটোৱে মৰিয়নিৰ গান্ধী নগৰৰ ৰাকেশ আৰু পিংকু বৰুৱা নামৰ দুটা জুৱাৰীৰ ঘৰত অভিযান চলায় । আৰক্ষীয়ে নগদ ১৬ হাজাৰ টকা আৰু আই পি এল জুৱাখেলত ব্যৱহৃত কিছু কাগজ-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীৰ অভিযানৰ বিষয়ে জানিব পাৰি আগতেই দুয়ো পলাই যাবলৈ সক্ষম হয় ।

আনহাতে, অভিযানকাৰী আৰক্ষীৰ দলটোৱে ৰে’লৱে ক’লনীৰ শশাংক ৰয় নামৰ আন এটা জুৱাৰীৰ ঘৰতো অভিযান চলাই যদিও শশাংক ৰয়ক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল । উল্লেখ্য যে, মৰিয়নিত ব্যাপক হাৰত চলি থকা এই আই পি এল জুৱাৰ বিষয়ে মৰিয়নি আৰক্ষী সম্পূৰ্ণ জ্ঞাত বুলি অভিযোগ উত্থাপিত হৈছে । কিন্তু জুৱাৰী চক্ৰৰ সৈতে থকা গোপন বুজাবুজিৰ বাবেই আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে ।

আনহাতে, আজি দুপৰীয়াও যোৰহাটৰ আৰক্ষীৰ এটা দলে পুনৰ অভিযান চলাই ৰাকেশ নামৰ জুৱাৰীটোৰ পৰা নগদ ৩ হাজাৰ টকা উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে । অৱশ্যে আটাইকেইটা জুৱাৰী সম্প্ৰতি পলাতক বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

Exit mobile version