এদিনৰ বাবে ইউৰোপৰ এখন দেশত প্ৰধানমন্ত্ৰীৰ আসনখন এৰি দিয়াৰ পৰম্পৰা আৰম্ভ কৰা হৈছে।ফলত ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী হ’ল এগৰাকী ষোড়শী।ফিনলেণ্ডৰ এই ষোড়শী প্ৰধানমন্ত্ৰী গৰাকীৰ নাম আভা মুৰ্তো।
ষোড়শী আভা মুৰ্তোক ফিনলেণ্ডবাসীয়ে এগৰাকী পৰিৱেশ কর্মীৰূপেই চিনি পায়।নিজৰ কাম-কাজতো আভাৰ পৰিচয় লাভ কৰিব পাৰি ।সেয়েহে দেশখনৰ প্ৰধানমন্ত্ৰী মাৰিনে নিজৰ আসনখনৰ বাবে চলিত বর্ষত আভাক বহুৱাবলৈ মন স্থিৰ কৰে ।
যোৱা চাৰি বছৰ ধৰি দেশখনৰ প্ৰধানমন্ত্ৰীৰ আসনত এনেদৰে এগৰাকী ষোড়শীক এদিনৰ বাবে বহুৱাই অহা হৈছে।অৱশ্যে প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ কিশোৰীসকলে এক প্ৰতিযোগিতাৰ মাজেৰে পাৰ হৈ আহিব লাগে ।
এদিনৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ পায় যথেষ্ট সুখী অনুভৱ কৰাই নহয় আভাই গৌৰৱবোধ কৰিছে অভিজ্ঞতা সঞ্চয় কৰিবলৈ পোৱা বাবেহে ।