পাকিস্তান ক্ৰিকেটত সাত ফুট ছয় ইঞ্চি উচ্চতাৰ বলাৰ

WhatsApp Image 2020 10 10 at 7.44.56 PM

ইমৰান খান, ৱাছিম আক্ৰাম, ৱাকাৰ ইউনিছ ,ছাকলেইন মুস্তাক আদিৰ দৰেই আন এজন দুৰ্দান্ত বলাৰ লাভ কৰিছে পাকিস্তান ক্ৰিকেটে।পাকিস্তান ক্ৰিকেটৰ চমক সৃষ্টিকাৰী এই বলাৰজনৰ নাম হৈছে মুদাচ্ছৰ গুজ্জৰ ।

নিজৰ শৰীৰৰ দৈর্ঘ‍্যৰ বাবে ইতিমধ্যে যুৱকজনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে।পাকিস্তানৰ ঘৰুৱা ক্ৰিকেট পি এছ এলত লাহোৰ ক’য়ালাণ্ডাৰ্ছ দলৰ হৈ খেলি আহিছে গুজ্জৰে ।যুৱকজনৰ শৰীৰৰ উচ্চতা সাত ফুট ছয় ইঞ্চি ।

গুজ্জৰৰ জোতাৰ আকাৰ দেখিলেও সকলো অবাক হৈ পৰে ।২৩.৫ আকাৰৰ জোতা পৰিধান কৰে বলাৰজনে।যোৱা বছৰ ছয় নৱেম্বৰত লাহোৰ ক’য়ালাণ্ডাৰ্ছৰ উন্নয়ন প্ৰকল্পত অনুষ্ঠিত শিবিৰত যোগদান কৰে গুজ্জৰে।শিবিৰত প্ৰশিক্ষকসকলৰ তত্ত্বাৱধানত চলিছিল এই প্ৰশিক্ষণ।

শৰীৰৰ উচ্চতাৰ বাবে ‘ফিটনেছ’ অক্ষুণ্ণ ৰখাত কিছু সমস্যা হ’লেও গুজ্জৰে আশা ৰাখিছে সকলো প্ৰতিকূলতাক একাষৰীয়া কৰি এদিন ৰাষ্ট্ৰীয় দলৰ ‘জাৰ্ছি’ পৰিধান কৰিব পাৰিব ।ছ’চিয়েল মিডিয়াত চাজ ছাদিক নামৰ এজন সাংবাদিকে গুজ্জৰৰ ছবি এখন ‘শ্বেয়াৰ’ কৰিছে ।ইয়াৰ পাছৰে পৰা পৰিচয় লাভ কৰে নৱাগত বলাৰজনে।

Exit mobile version