ভাৰতত দ্ৰুতগতিত কমিছে ক’ভিড-১৯ত সক্ৰিয় ৰোগীৰ সংখ্যা। কিন্তু ইয়াৰ বিপৰীতে দৈনিক মৃত্যুৰ সংখ্যা অব্যাহত আছে | শেহতীয়াকৈ অৰ্থাৎ শুকুৰবাৰৰ দিনটোত তথা ২৪ ঘণ্টাত ৯৬৪জন লোকে মৃত্যু সাৱটিবলগীয়া হৈছে।
ইয়াৰে মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, তামিল নাডু, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, পঞ্জাৱ, চত্তিশগড়, দিল্লী আৰু মধ্য প্ৰদেশৰ দৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৃত্যুৰ হাৰ ৮২ শতাংশ |
উল্লেখ্য যে ৩৭ শতাংশ মৃত্যুৰ সংখ্যাৰে শীৰ্ষত মহাৰাষ্ট্ৰ বুলি তথ্য নিশ্চিত কৰা হৈছে। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৩৫৮ জন লোক কৰ’নাত মৃত্যু হৈছে |