কৰ’না মহামাৰীৰ পৰিস্থিতিৰ মাজতেই বাৰেকুৰি অঞ্চলৰ কমলা খেতিয়কলৈ আহিছে ভাবুকি

IMG20201008134746

বিগত প্রায় আঠমাহ ধৰি কৰ’নাকালীন পৰিস্থিতিৰ বাবে বিভিন্ন ঠাইৰ তথা গ্রামাঞ্চলসমূহৰ কৃষকসকলৰ ফচলসমূহ বিক্ৰী কৰিব নােৱাৰাৰ ফলত কৃষকসকল জুৰুলা হোৱাৰ পিছতেই পুনৰ তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলৰ কৃষকসকলৰ মাজলৈ নামি আহিছে অমানিশা বাৰেকুৰি অঞ্চলৰ পুৰণি মতাপুং, বৰগাঁও, বেবেজীয়া, হাতীজানকে ধৰি প্ৰায়সমূহ গাঁৱৰ অধিকাংশ লােক ।

এইসকল লোক মূলতঃ বিভিন্ন খেতিৰ লগতে কমলা খেতিৰ স’তে জড়িত হৈ জীৱন অতিবাহিত কৰি আহিছে ৷ উল্লেখ্য যে, পুৰণি মতাপুং গাৱৰ ৰমেন্দ্ৰ দুৱৰাৰ ১৭ বিঘাৰ লগতে গাঁওখনত প্রায় ৩০০ বিঘা কমলা খেতিৰে ভৰি আছে। বিগত বৰ্ষসমূহৰ দৰেই এইবাৰাে কমলা গছসমূহত কমলা লাগি ক্ৰমাৎ পূৰঠ হোৱাৰ পূৰ্বেই গছৰ পৰা হাজাৰ হাজাৰ কমলা তলত সৰি পৰিবলৈ আৰম্ভ কৰিছে ।

ফলত এতিয়া সৰা কমলাৰে গছৰ তলসমূহ ৰঙা হৈ পৰিছে । কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে ৰমেন্দ্ৰ দুৱৰাৰ লগতে কৃষকসকলে কমলা খেতি কৰিছিল যদিও এতিয়া পূৰঠ হােৱাৰ পূর্বেই তলত সৰি পৰাত মূৰত সৰগ ভাগি পৰাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । আনহাতে, পুৰণি মটাপুং গাঁৱৰ দুৱৰাৰ কমলাবাৰীখনৰ পৰা যিহেতু বাঘজানৰ বিজি আৰ-৫ নং তৈলখাদৰ জুই আকাশী দূৰত্বৰে খুব কম, সেয়ে হয়তো বাঘজানৰ উক্ত তৈলখাদটোৰ পৰা কণ্ডেনচেট মিশ্রিত ৰাসায়নিক গেছ চিটিকি পৰি অথবা প্রকাণ্ড জুইৰ তাপ পাই অকালতে সৰি পৰাৰ সন্দেহ প্রকাশ কৰিছে দুৱৰাৰ লগতে কাষৰীয়া কৃষকসকলে ।

এই সন্দৰ্ভত দৈনিক অগ্রদূত কাকতৰ সংবাদাতাৰ আগত ৰমেন্দ্ৰ দুৱৰাই কয় যে, “অতদিনে আমি খেতিৰ লগত জড়িত হৈয়ে জীৱিকা নির্বাহ কৰি আছাে, কিন্তু এতিয়া গছৰ কমলাসমূহ সৰি পৰিছে । ইয়াতকৈ দুখৰ কথা আমাৰ খেতিয়কসলৰ কাৰণে কি থাকিব পাৰে। এই সময়ত কমলাসমূহ লাহেকৈ পূৰঠ হ’বলৈ আৰম্ভ কৰে আৰু নৱেম্বৰ মাহৰ পৰা কমলাসমূহ চিঙি বজাৰলৈ উলিয়াই দিওঁ, কিন্তু এতিয়া তাৰ পূর্বেই সৰি পৰিছে। এই সন্দৰ্ভত আমি জিলা উপায়ুক্ত, কৃষি বিভাগৰ কাৰ্যালয়ত অৱগত কৰিছিলো যদিও আজি পৰ্যন্ত কোনাে গুৰুত্ব প্রদান কৰা নাই, মাথো জৰীপৰ দলে পৰ্যবেশন কৰিবলৈ যাব বুলি কৈয়েই দায়িত্ব সামৰিলে । জৰীপ কৰিবলৈ দল অহাৰ সময়ত এনে সমূহ সমস্যাক আওকাণ কৰি মাথোঁ হাঁহ-কুকুৰা মাৰিছে নেকি আৰু ঘৰত ফাট মেলিছে নেকি চায়েই দায়িত্ব সামৰিলে ।”

উল্লেখযােগ্য যে ৰমেন্দ্ৰ দুৱৰাই প্রায় এটা দশক বছৰে কমলা, অমিতা, লিচু, মধুৰীৰ লগতে উন্নত মানদণ্ডৰে বিভিন্ন ধৰণৰ খেতি কৰি নিজৰ পৰিয়ালক পােহপাল দিয়াৰ লগতে আনকো উৎকৃষ্ট স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰিছে, যাৰ ফলত এতিয়া দুৱৰাৰ আদৰ্শ গাঁওখনৰ বহু লােকে গ্রহণ কৰাৰ লগতে দুৱৰাৰ অতি আকর্ষণীয় বাৰীখন চাবলৈ বহু লােকৰ আগমন ঘটিছে ।

গতিকে দুৱৰাৰ লগতে পুৰণি মটাপুং গাঁৱৰ কমলা খেতিয়কসকলে উক্ত স্থানলৈ আহি কি কাৰণত এনেদৰে কমলাসমূহ সৰি পৰিছে তাৰ গৱেষণা কৰি খেতিয়কসকলক উদ্ধাৰ কৰিবলৈ চৰকাৰ, জিলা প্রশাসন অথবা অইল ইণ্ডিয়া কৰ্তৃপক্ষক অনুৰােধ জনাইছে ।

Exit mobile version