নগালেণ্ড ভাৰতৰ বাহিৰত ! অভব্য মন্তব্য কৰি সমালোচনাৰ সন্মুখীন ‘ফ্লিপকাৰ্ট’

WhatsApp Image 2020 10 11 at 2.54.41 PM

নগালেণ্ডত নিজ সেৱা আগবঢ়োৱাৰ পৰা বিৰত আছে ‘ফ্লিপকার্ট’। কিয়নাে উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখন হেনাে ভাৰতৰ সীমাৰ বাহিৰত অৱস্থিত। জনপ্রিয় ই-কমার্চ ছাইটৰ এনে এক মন্তব্যক লৈ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত তােলপাৰ লাগিছে। এনে কাৰণত একাংশ ৰােষৰাে সম্মুখীন হ’বলগীয়া হৈছে বহুঃৰাষ্ট্ৰীয় এই প্রতিষ্ঠানটো। অৱশ্যে নিজৰ ভুল বুজিব পাৰি ততাতৈয়াকৈ ক্ষমা বিচাৰে ফ্লিপকার্ট কর্তৃপক্ষই। ছ’চিয়েল মিডিয়াত বিষয়টোক লৈ সমালােচনা হলেও বিশেষ ক্ষতিৰ সন্মুখীন নহ’ল ফ্লিপকার্ট।

উল্লেখ্য যে বৰ্তমানৰ উৎসৱৰ বতৰৰ প্রতি লক্ষ্য ৰাখি ‘বিগ-বিলিয়ন ডে’ৰ ‘অফাৰ আৰম্ভ কৰিছে ফ্লিপকার্টে। এই অফাৰক লৈ ছ’চিয়েল মিডিয়াত বিস্তাৰিতভাৱে প্ৰচাৰত নামি পৰিছে ই-কমার্চ ছাইটটো। ফ্লিপকার্টৰ ফেচবুক পেজত নগালেণ্ডৰ এজন গ্রাহকে অভিযােগ কৰে যে তেওঁলােকৰ ৰাজ্যত ফ্লিপকার্টৰ সেৱা লাভ নকৰে ৷ কিয় এনে হয় সেই কথাও জানিবলৈ বিচাৰে গ্ৰাহকজনে ।

উত্তৰত ফ্লিপকার্টে কয়, ‘বিষয়টো জানিবলৈ পাই বেয়া লাগিল। আপােনাৰ সামগ্রী ক্ৰয়ৰ আগ্রহক আমি সম্মান জনাইছাে। কিন্তু আমাৰ চাৰ্ভিছ প্রভাইডাৰৰ দ্বাৰা ভাৰতৰ বাহিৰত সামগ্ৰী যোগান ধৰা নহয়।’ সমগ্ৰ বিষয়টো ডিমাপুৰৰ এক সংবাদগোষ্ঠীৰ দ্বাৰা প্ৰথমে পোহৰলৈ অনা হয়। ফ্লিপকাৰ্টৰ উত্তৰৰ ‘স্ক্ৰিনশ্বট’টো ছ’চিয়েল মিডিয়াত পষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ পৰে। এনে সম্ভাব্যৰ পৰা ফ্লিপকাৰ্টে তীব্ৰ নিন্দা গৰিহণাৰ সন্মুখীন হ’বলগীয়া হৈছে ।

তীব্ৰ বিতৰ্কৰ মাজতে ফ্লিপকাৰ্টৰ পৰা প্ৰদান কৰা উত্তৰ ডিলিট কৰাও হয় । কিন্তু উত্তৰ মচি পেলােৱাৰ পূর্বে বহুতে “স্ক্রিনশ্বট” লৈ পেলাইছিল । ছ’চিয়েল মডিয়াত এই সন্দৰ্ভত মন্তব্য কৰাসকলে মূলতঃ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি দেশৰ মূল খণ্ডৰ লােকসকলৰ বৈষম্যৰ প্রতিফলন বুলিয়ে ক’ব বিচাৰে। ছ’চিয়েল মিডিয়াত ফ্লিপকার্টক এই সন্দৰ্ভত উপলুঙা কৰাও পৰিলক্ষিত হৈছে।

দেশৰ একাংশ লােকৰ মাজত থকা সচেতনতাৰ অভাৱৰাে এই ঘটনাই উদঙাই দিয়ে। দেশৰ চাৰিসীমাক লৈ থকা অজ্ঞতাকো ঘটনাটোৱে পােহৰলৈ আনে । বিশিষ্ট নগা সংগীতজ্ঞ এলব’ নাগাই বিষয়টোত ৰগৰ কৰি কয়, ‘ধন্যবাদ ফ্লিপকার্ট, আমাৰ ভৱিষ্যৎ তথা আহিবলগীয়া স্বাধীনতাৰ বিষয়ে জনােৱা বাবে। নগালেণ্ড এখন নতুন দেশ, এতিয়া অন্ততঃ আমি তেনেদৰে ভাবিব পাৰিম।’

বিষয়টোত নগালেণ্ডৰ সীমান্ত শাখাৰ আৰক্ষী সঞ্চালক প্রধান ৰূপিন শর্মাই প্রতিক্রিয়া প্ৰকাশ কৰি কয় যে ফ্লিপকার্টৰ প্ৰচেষ্টাত আমি নতুন অভিজ্ঞতা লাভ কৰিলাে। কিন্তু নগালেণ্ড ভাৰতৰেই ফ্লিপকার্ট। ৰাজ্যখনৰ বিখ্যাত হলি উৎসৱ চাবলৈ আহিবলৈ শৰ্মাই একেটা মন্তব্যতে সকলােৰে প্রতি আহ্বান জনায়। ছ’চিয়েল মিডিয়াত অধিকাংশই ঘটনাটোক ‘লজ্জাজনক’ আখ্যা দিয়ে।

একাংশৰ মতে ভাৰতৰ দৰে বিশাল দেশ এখনত বজাৰ দখলৰ পূর্বে দেশখনৰ ভূগােল-ইতিহাসৰ বিষয়ে ন্যূনতম জ্ঞান অর্জন কৰি লােৱা উচিত আছিল। নগালেণ্ডক ভাৰতৰ বাহিৰৰ বুলি কোৱাৰ দৰে ভুলৰ বাবে ফ্লিপকার্টক ক্ষমা কৰিবও নােৱাৰি।

নিজৰ ফেচবুক পেজত বিতর্কৰ অৱসান বিচাৰি ফ্লিপকার্টে কয়, “এইটো অনিচ্ছাকৃত ভুল। তাৰ বাবে আমি ক্ষমা প্রার্থী। ভৱিষ্যতে আৰু এনে ভুল নহয়। যােৱা জুলাইত ফ্লিপকার্টৰ দ্বাৰা এবিধ খাদ্যক ৰাজ্যখনৰ পৰম্পৰাগত খাদ্য হিচাপে ক’ব বিচৰাক লৈও আন এক বিতৰ্কৰ সূচনা হৈছিল।

Exit mobile version