মুম্বাইৰ ব্যৱসায়ীয়ে মাৰাঠী নোকোৱাত প্ৰতিবাদ

WhatsApp Image 2020 10 11 at 12.38.49 PM

মুম্বাইত পুনৰ জাগি উঠিছে মাৰাঠা শক্তি। মাৰাঠাৰ মহাৰাষ্ট্ৰত এতিয়া স্থানীয় ভাষাত বার্তালাপ কৰাৰ ওপৰত জোৰ দি উঠি পৰি লাগিছে একাংশ মাৰাঠী সংগঠন। ইয়াৰ অংশৰূপে ২০ ঘণ্টাজোৰা প্রতিবাদ সাব্যস্ত কৰে মাৰাঠী লেখিকা শােভা দেশপাণ্ডেই। ঘটনাটো এনে ধৰণৰ লেখিকা গৰাকীয়ে গহনা ক্রয় কৰিবলৈ যােৱা বিপণীখনৰ গৰাকীয়ে মাৰাঠীৰ পৰিৱর্তে গ্রাহকৰে হিন্দী ভাষাত বার্তালাপ কৰিছিল ।

দেশপাণ্ডেই অলংকাৰ বিপণীৰ গৰাকীক মাৰাঠা ভাষাত কথা পাতিবলৈ জোৰ দিয়াত এটা সময়ত দুয়ােৰে মাজত তর্কাতর্কিত সূত্রপাত হয়। পাছত দোকানৰ সন্মুখৰ পদপথতে সমগ্র নিশাজুৰি মহিলাগৰাকীয়ে প্রতিবাদী অৱস্থানত বহে। অৱশেষত অলংকাৰ বিপণীৰ তৰফৰ পৰা মহিলাগৰাকীৰ ওচৰত ক্ষমা বিচাৰি দুখ প্ৰকাশ কৰা হয়। পাছত স্থানীয় আৰক্ষীয়ে দেশপাণ্ডেক হাস্পতাললৈ নি স্বাস্থ্য পৰীক্ষা কৰে। ইফালে, বিষয়টোত হস্তক্ষেপ কৰিছে ৰাজ থাকৰেৰ সংগঠন মহাৰাষ্ট্ৰ নৱ নির্মাণ সেনা (এম এন এছ) ই ।

লেখিকাগৰাকীৰ প্রতিবাদলৈ সমর্থন জনােৱাৰ লগতে অলংকাৰ বিপণীখনৰ গৰাকী শংকৰলাল জৈনকে এম ন এছে সকীয়নি প্রদান কৰে। মাৰাঠী ভাষা ক’বলৈ নিশিকাকৈ মহাৰাষ্ট্ৰত ব্যৱসায় কৰিবলৈ যােগ্য নহ’ব বুলিও এম এন এছে সকীয়াই দিয়ে। সংগঠনটোৰ দ্বাৰা অলংকাৰ বিপণীখনৰ গৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰাে অভিযােগ উত্থাপিত হৈছে। সাংবাদিকৰে বাৰ্তালাপত দেশপাণ্ডেই কয় যে তেওঁ দক্ষিণ মুম্বাইৰ কলাবাস্থিত এখন গহনা বিপণীত কাণফুলি ক্ৰয় কৰিবলৈ গৈছিল।

এটা সময়ত কথাবার্তাৰ মাজতে গৰাকী জৈনক মাৰাঠী ভাষাত কথা ক’বলৈ অনুৰােধ জনায় দেশপাণ্ডেই। বিপণীখনৰ গৰাক দেশপাণ্ডেই ইয়াকো সকীয়াই দিয়ে যে বিপণীখন যিহেতু মহাৰাষ্ট্ৰৰ ৰাজধানীত অৱস্থিত তেনে অৱস্থাত গ্রাহকৰে মাৰাঠাত বার্তালাপ কৰাটো অপৰিহার্য । কিন্তু ইয়াৰ বিপৰীতে বিপণীৰ গৰাকীয়ে মাঠাৰী ভাষাত কথা ক’ব নােৱাৰিব বুলিও জনায় । দেশপাণ্ডেই হিন্দীত কথা ক’বলৈ অস্বীকাৰ কৰাত গৰাকীয়ে কাণফুলি বিক্ৰী নকৰে বুলি জনাই দিয়ে ।

বিপণীৰ গৰাকীয়ে দেশপাণ্ডেক বিপণীৰ পৰা বাহিৰ ওলাই যাবলৈ কয় বুলি লেখিকাগৰাকীয়ে অভিযোেগ কৰে। দেশপাণ্ডেই বিপণীৰ অনুজ্ঞাপত্ৰ চাবলৈ বিচাৰে যদিও গৰাকীয়ে সেয়া দেখুৱাবলৈ অস্বীকাৰ কৰে। দেশপাণ্ডেই আৰক্ষীক এই সন্দৰ্ভত অভিযােগ দিয়ে যদিও আৰক্ষীয়ে বিপণীখনৰ পক্ষ লােৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ প্রতিবাদী অৱস্থানত বহি পৰে ।

অৱশেষত পুৱা বিপণীৰ গৰাকীয়ে লেখিকাগৰাকীৰ ওচৰত ক্ষমা বিচাৰে। এম এন এছৰ একাংশ কর্মীয়েও মহিলাগৰাৰে প্রতিবাদী অৱস্থানত অংশগ্রহণ কৰাৰ লগতে গৰাকী জৈনক শাৰীৰিকভাৱে অপদস্থও কৰে। এম এন এছৰ কর্মী সন্দীপ দেশপাণ্ডেই কয়, ‘আমি লেখিকাগৰাকীলৈ সম্মান জনাই প্রতিবাদত বহিছাে। আমি উদ্ধত স্বভাৱৰ অলংকাৰ বিপণীৰ গৰাকীজনকে শিক্ষা দিলাে। তেওঁৰ পৰা ক্ষমাও আদায় কৰিছাে। মাৰাঠী ভাষা নিশিকা পর্যন্ত আমি বিপণীখন মুকলি কৰিবলৈ নিদিওঁ।

Exit mobile version