ৰেটিং ৰিগিঙৰ সন্দৰ্ভত মুম্বাইৰ ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত সোধ পোচৰ বাবে উপস্থিত ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া

WhatsApp Image 2020 10 11 at 3.53.59 PM

সম্প্ৰতি দেশত টিআৰপিৰ বিষয়টো চৰ্চাত আছে । দেওবাৰে, ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া বিকাশ খনচন্দানী তদন্তৰ বাবে উপস্থিত হয় মুম্বাইস্থিত ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত । আনহাতে, চেনেলটোৰ চিএফঅ’ শিৱ সুব্ৰমণিয়াম সুন্দৰমক শনিবাৰে চমন জাৰি কৰা হৈছিল । ইতিমধ্যে ঘটনাৰ সংক্রান্তত গ্ৰেপ্তাৰ কৰা চাৰিজন লোকৰ ভিতৰত দুজন ফকট মাৰাঠী আৰু বক্স চিনেমাৰ স্বত্বাধিকাৰী ।

উল্লেখ্য যে, ৰিপাব্লিক টিভিকে ধৰি তিনিটা চেনেলৰ বিৰুদ্ধে ভুৱা টেলিভিছন ৰেটিং পইণ্ট (টি আৰ পি) প্রদর্শনৰ তদন্ত আৰম্ভ কৰিছিল মুম্বাই আৰক্ষীয়ে । ভুৱা টি আৰ পি পৰিবেশন কৰা এটা বৃহৎ চক্ৰ উৎখাতৰ পাছতে এই প্রক্রিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে। বিজ্ঞাপনৰ ৰাজহ সংগ্রহ কৰিবলৈ আৰু ভুৱা ব্যাখ্যা বিয়পাবলৈ এইদৰে ৰেটিঙৰ ৰিগিং কৰা ঘটনাৰ স’তে জড়িত লােকক গ্রেপ্তাৰ কৰা বুলি মুম্বাই আৰক্ষীয়ে জনায়।

মুম্বাই আৰক্ষীয়ে জনােৱা মতে, দুটা টিভি চেনেলৰ স্বত্বাধিকাৰীক এই জালিয়াতিৰ সন্দৰ্ভত গ্রেপ্তাৰ কৰা হৈছে। তদুপৰি ৰিপাব্লিক টিভিৰ কিছুসংখ্যক কর্মচাৰীক সােধপােছৰ বাবে চমন দিয়া হ’ব ।

অভিযােগ অনুসৰি, এই সংবাদ প্রতিষ্ঠানকেইটাই তেওঁলােকৰ চেনেল অনবৰতে চলাই ৰাখিবলৈ পৰিয়ালসমূহক উৎকোচ দিছিল । তথ্য অনুসৰি , ইংৰাজী ক’ব নজনা দৰিদ্র, অশিক্ষিত পৰিয়ালে কেৱল সংশ্লিষ্ট ইংৰাজী টিভি চেনেল চাইছিল । আৰু ইয়াৰ বাবে প্রতিমাহে এনে পৰিয়ালক ধন দিয়া হৈছিল ।

Exit mobile version