২০১৯ বৰ্ষত ভাৰতত কমেও ৩৬৪টা নতুন প্রাণীৰ প্রজাতি আৰু ২৫৩টা প্ৰজাতিৰ নতুন উদ্ভিদ আৱিষ্কাৰ কৰিলে দেশৰ বিজ্ঞানী সমাজে । এই ৩৬৪ প্রজাতিৰ প্রাণী মানুহৰ চকুৰ অন্তৰালত থাকিলেও আৰু ১১৬ প্রজাতিৰ প্রাণী চিহ্নিত কৰা হৈছে, যিসমূহ প্ৰাণীৰ বিশ্বৰ আন অঞ্চলত সন্ধান লাভ কৰিলেও ভাৰতত দেখা পােৱা নগৈছিল ।
নতুনকৈ আৱিষ্কাৰ কৰা জীৱ জগতৰ এই সকলাে নতুন সদস্যৰ তথ্য সদ্য প্রকাশিত জুলজিকেল ছার্ভে অৱ ইণ্ডিয়া আৰু বটানিকেল ছার্ভে অৱ ইণ্ডিয়াৰ গ্ৰন্থত প্রকাশ পাইছে । কলকাতা এই দুই প্রতিষ্ঠানৰ সদৰ কার্যালয়ত দুখন সদ্যপ্রকাশিত গ্রন্থৰ উন্মােচন কৰিছিল কেন্দ্রীয় বন আৰু পৰিৱেশ বিভাগৰ মন্ত্রী বাবুল সুপ্রিয়ই ।
জুলজিকেল ছার্ভে অৱ ইণ্ডিয়াৰ বিষয়া কৈলাস চন্দ্রই এই কথা প্রকাশ কৰি কয়, “যি ৬৩৪টা প্রাণীৰ প্ৰজাতিৰ আবিষ্কৃত হৈছে, ইয়াৰ ভিতৰত চাৰিটা প্রাণীক জীৱাশ্মৰ আকাৰত লাভ কৰা হৈছে। তালিকাত চাৰিটা উপ-প্রজাতিও আছে । বেছিভাগ নতুনকৈ আৱিষ্কৃত প্রজাতি হৈছে পােক শ্ৰেণীৰ অন্তর্গত ।
অৱশ্যে তালিকাখনত সৰীসৃপ, মাছ আৰু উভচৰ প্রাণীও আছে । নতুনকৈ সন্ধান লাভ কৰা প্ৰাণীৰ সদস্যৰ অন্তর্ভুক্তকৰণৰ জৰিয়তে বর্তমানলৈকে ভাৰতত আৱিষ্কৃত হােৱা প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা ১,০২,১৬১ টালৈ বৃদ্ধি পালে । ইয়াৰ মাজত এককোষী প্ৰাণীৰ পৰা আৰম্ভ কৰি হাতী, বাঘৰ দৰে বিশালকায় পশুও আছে । ইয়াৰ লগতে এতিয়ালৈকে ভাৰতত ৫০,০০০ প্রজাতিৰ উদ্ভিদৰ সন্ধান লাভ কৰা হৈছে ।”
গ্রন্থ উন্মােচন কৰি কেন্দ্রীয় মন্ত্রী সুপ্রিয়ই কয়, “আন্তর্জাতিক জৈৱ বৈচিত্র মণ্ডলৰ অন্যতম সদস্য ভাৰত । এই কাৰণতে নিজৰ সার্বভৌমত্ব ৰক্ষাত জৈৱিক উৎসমূহৰ যথাযথ নথিভুক্ত কৰি ৰখা জৰুৰী । এই ধৰণৰ উৎসৰ জৰিয়তে প্রাপ্ত উপকাৰিতাক আমি কাম-কাজত ব্যৱহাৰ কৰা উচিত ।”
উল্লেখ্য যে এতিয়ালৈকে সমগ্র বিশ্বত প্রায় ১৮ লাখ প্রজাতিৰ উপ-প্রজাতিৰ সন্ধান লাভ কৰা হৈছে । বিজ্ঞানীসকলৰ হিচাপ অনুসৰি বিশ্বত কমেও তিনি পৰা পাঁচ কোটি প্রজাতি আছে । জৈৱ বৈচিত্ৰৰ নিৰিখত সমগ্র তালিকাত ১.০২ লাখ প্রজাতিৰে ভাৰতে অষ্টম স্থান লাভ কৰিছে ।