চিৰাঙত আৰক্ষীৰ অভিযান, ড্ৰাগছ সহ আটক এজন

WhatsApp Image 2020 10 12 at 8.27.13 PM

চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱাত আৰক্ষীৰ অভিযান । সন্ধিয়া ৫.৩০ বজাত বৰতালোৱা জামে মছজিদৰ সন্মুখৰ পথত আৰক্ষীয়ে চলায় অভিযান । জিলাখনৰ ছাতিপুৰ গাঁওৰ হাইদৰ আলী নামৰ যুৱক জনৰ পৰা ২০ টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কন্টেইনাৰ সহ নগদ ১৩০৩০ টকা আৰু এটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে ।

চিৰাং জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানটোত ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম, ঢালিগাঁও থানাৰ অচি বিজিত দাধৰা উপস্থিত থাকে । এই বাতৰি লিখা সময়লৈকে আৰক্ষীৰ অভিযান অব্যাহত আছে ।

এইখিনিতে উল্লেখ্য যে, যোৱা ৮ অক্টোবৰত ছাতিপুৰ গাঁওৰ পৰা বুজন পৰিমাণৰ নিচা জাতীয় বড়ি সহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । পুনৰ আজি ড্ৰাগছ সহ ছাতিপুৰ গাঁওৰ যুৱকক গ্ৰেপ্তাৰৰ ঘটনাই অঞ্চলটোত যে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি আছে তাকে প্ৰমাণ কৰিছে । স্থানীয় লোকে এই ড্ৰাগছৰ স’তে জড়িত সকলো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে আৰক্ষীৰ ওচৰত দাবী জনাইছে ।

Exit mobile version