চিৰিয়াখানালৈ অনা গো মাংসৰ বাহন আবদ্ধ কৰি হিন্দুত্ববাদী সংগঠনৰ প্ৰতিবাদ

Screenshot 9

অসম ৰাজ্যিক চিৰিয়াখানাৰ জন্তুক খাদ্য যোগান ধৰিবলৈ অহা এখন বাহনক আজি আবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কে’বাটাও হিন্দুত্ববাদী সংগঠনে । উল্লেখ্য যে দেওবাৰে এক সংবাদমেলত চিৰিয়াখানাৰ জন্তুক গো মাংস দিয়াৰ বিৰোধিতা কৰিছিল উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই । তাৰ পাছতে সোমবাৰে পুৱাই বজৰং দল আৰু হিন্দু জাতীয় পৰিষদৰ কে’বাজনো সদস্য আহি চিৰিয়াখানাৰ সন্মুখত গো মাংসৰ কঢ়িয়াই অনা বাহনখন আবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

‘গো হত্যা বন্ধ কৰক’, ‘চিৰিয়াখানাৰ জন্তুক গো মাংস দিয়া বন্ধ কৰক’, ‘জয় শ্ৰীৰাম’ ধ্বনি দি চিৰিয়াখানাৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা দলটোৱে উত্তৰ প্ৰদেশৰ চিৰিয়াখানাই যদি গো মাংস বন্ধ কৰিব পাৰে অসমত কিয় নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে । একেদৰে গো-মাংসৰ পৰিৱৰ্তে অন্য মাংস যোগান ধৰাৰ দাবী জনাই সংগঠনকেইটাই প্ৰয়োজনত চৰকাৰৰ গাইড লাইন সলনি কৰি হ’লেও অন্য মাংস যোগান ধৰাৰ দাবী উত্থাপন কৰে । পিছত আৰক্ষী প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

ইফালে, পুৱাই ভোকাতুৰ জন্তুৰ খাদ্য কঢ়িওৱা বাহন এইদৰে আবদ্ধ হৈ পৰাত চিৰিয়াখানাত অথন্তৰ লাগে । কিছু সময়ৰ পাছত প্ৰতিবাদস্থলীত চিৰিয়াখানাৰ আঞ্চলিক বন বিষয়া উপস্থিত হৈ তেওঁলোকৰ অভিযোগসমূহ লিখিত ৰূপত প্ৰদান কৰি কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ আশ্বাস প্ৰদান কৰে আৰু খাদ্য কঢ়িয়াই অনা বাহনখন প্ৰায় দুঘণ্টাৰ মূৰত মুকলি কৰি দিয়ে ।

Exit mobile version