তিনিমাহতে এশ কোটিৰ লেনদেন

WhatsApp Image 2020 10 04 at 10.27.14 AM

অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদত নিযুক্তিৰ নামত মাত্ৰ তিনিমাহৰ ভিতৰত প্ৰায় এশ কোটিৰ লেনদেন হৈছে ৰাজ্যত। এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন ডি আই জি প্ৰশান্ত কুমাৰ দত্ত,অক্ষয় টেলি কমিউনিকেশ্যনছনৰ অন্যতম স্বত্বাধিকাৰী ৰুবুল হাজৰিকা,সহযোগী সুৰজ শৰ্মা আৰু বিজেপি নেতা দ্বিবন ডেকাক চি আই ডিয়ে উপৰ্যুপৰি চলোৱা জেৰাৰ সময়ত পোহৰলৈ আহে এই তথ্য।

চি আই ডিৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে অসম আৰক্ষীৰ ইউ বি শাখাৰ ৫৭৯ টা উপ পৰিদৰ্শক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্য চককাৰৰ গৃহ বিভাগে অসম আৰক্ষী নিযুক্তি ব’ৰ্ডক নিৰ্দেশ দিয়াৰ পাছতে সক্ৰিয় হৈ উঠে দালাল চক্ৰ ।

প্ৰভাৱশালী ব্যক্তিৰ ছত্ৰছায়াত সক্ৰিয় হৈ উঠা এই চক্ৰটোৱে উপ পৰিদৰ্শকৰ পদত নিযুক্তিৰ নামত আগ্ৰহী প্ৰাৰ্থী তথা সংশ্লিষ্টসকলৰ অভিভাৱকৰ স’তে চাকৰিৰ দৰ দাম কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিয়োগ কৰে এজেন্ট। এনেবোৰ এজেন্টৰ জৰিয়তে দালাল চক্ৰটোৱে মাত্ৰ তিনিমাহৰ ভিতৰত কমেও এশ কোটি টকা সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ অহা বুলি সূত্ৰটোৱে জনায় ।

উক্ত তথ্যৰ আধাৰতে অভিযান চলাই আৰক্ষীৰ অভিযানকাৰী দলে বিগত ২৪ ঘন্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই পৰ্যন্ত প্ৰায় ছয় কোটি টকা জব্দ কৰিবলৈ সক্ষম হয় বুলি সূত্ৰটোৱে জনায়। অৱশ্যে চাকৰিৰ নামত লেনদেন হোৱা এই বৃহৎ পৰিমাণৰ ধনৰাশি উদ্ধাৰৰ ক্ষেত্ৰত চি আই ডিৰ অভিযানকাৰী দলে বাৰুকৈয়ে জটিলতাৰ সন্মুখীন হোৱা বুলি সূত্ৰটোৱে জনায়।

Exit mobile version