বিদ্যুতৰ নাটনি অতিক্ৰম কৰি পুনৰ স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হ’ল মুম্বাইত

WhatsApp Image 2020 10 12 at 7.33.38 PM

টাটাৰ ইনকামিং ইলেকট্ৰিক চাপ্লাই ব্যাহত হোৱাৰ কাৰণে সোমবাৰে বিদ্যুতৰ সৰবৰাহ বন্ধ হ’ল মুম্বাইৰ বিস্তীৰ্ণ অঞ্চলত । যাৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হয় মুম্বাইবাসী । কিন্তু সম্প্ৰতি যান্ত্ৰিকৰ সমস্যাত লাহে লাহে অতিক্ৰম কৰি স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হৈছে মুম্বাইত ৷ মুম্বাই, থানে, নবি মুম্বাই আৰু মুম্বাইৰ বিভিন্ন অঞ্চলত সম্প্ৰতি বিদ্যুতৰ সৰবৰাহ আৰম্ভ হৈছে । লগতে পুনৰ আৰম্ভ হৈছে  ৰেল সেৱা ।

উল্লেখযোগ্য যে আজি মুম্বাইৰ জুহু, আন্ধেৰী, মিৰা ৰোজ, নবি মুম্বাইকে ধৰি বহু অঞ্চলত বিদ্যুতৰ নাটনিৰ প্ৰভাৱ বাৰুকৈয়ে পৰে । এই সন্দৰ্ভত মুম্বাইৰ ইলেকট্ৰিক চাপ্লাই এণ্ড ট্ৰান্সপোৰ্টৰ পৰা জনোৱা হৈছিল যে টাটাৰ ইনকামিং ইলেকট্ৰিক চাপ্লাই ব্যাহত হোৱাৰ কাৰণে বিদ্যুতৰ নাটনি দেখা গৈছে ।

এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ বিদ্যুত বিভাগৰ মন্ত্ৰী নিতিন ৰাউতে কয় যে, “আমাৰ বিভাগীয় কৰ্মীসকলে ইতিমধ্যে যাৱতীয় কাম কাজ কৰি আছে গতিকে অনতিপলমে এই সমস্যাৰ সমাধান হ’ব ৷” লগতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উৰ্দ্ধৱ থাকৰেও এই সমস্যাৰ সমাধান হোৱাৰ আশ্বাস প্ৰদান কৰে । আনহাতে বহু ঠাইত ইতিমধ্যে ৰেল বাতিল কৰা হৈছিল যদিও মায়ানগৰীখনৰ পুনৰ বিদ্যুতৰ সংযোগ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে মুম্বাইবাসীয়ে ৷

Exit mobile version