বিহাৰত পুনৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা

WhatsApp Image 2020 10 12 at 4.14.22 PM

বিহাৰৰ ৰাজধানী পাটনাৰ বুক্সৰত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি এটি ৫ বছৰীয়া শিশুৰ স’তে নদীত পেলাই দিয়া ঘটনাই পুনৰ সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনা সন্দৰ্ভত পাঁচজন লোক অভিযুক্ত হিচাপে চিনাক্ত হৈছে । ইয়াৰে সম্প্ৰতি এজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাকী দুজনক চিনাক্ত কৰা হৈছে ।

এক বিশেষ তথ্য অনুসৰি সোমবাৰে মহিলাগৰাকী পুত্ৰৰ লগত বেংকলৈ যাত্ৰা কৰিছিল । সেই সময়তে অভিযুক্ত কেইজনে মহিলা গৰাকীক ধৰ্ষণ কৰে ৷ আৰু মহিলাগৰাকীৰ লগত হোৱা এই সমগ্ৰ ঘটনা ৫ বছৰীয়া কণমানিটোৱে বিৰোধ কৰে কাৰণেই অভিযুক্তই শিশু আৰু মহিলাগৰাকীক বস্তাত ভৰাই নদীলৈ দলিয়াই দিয়ে ৷

ইয়াৰ পাছত এই সমগ্ৰ ঘটনাৰ সম্ভেদ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মহিলাগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰে ৷ লগতে পাঁচ বছৰীয়া শিশুটোৰ মৃত্যু হয় । উল্লেখযোগ্য যে হাথৰছত ২০ বছৰীয়া যুৱতীৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ উত্তেজনা মাৰ নাযাওঁতেই পুনৰ বিহাৰত হোৱা এই ঘটনাই সকলোকে স্তম্ভিত কৰিছে ৷

Exit mobile version